তীৰ্থ বৰা, নগাঁও: নগাঁও চহৰৰ আমোলাপট্টি শ্মশানঘাট কালী মন্দিৰ চৌহদত আজি মধ্য অসমৰ প্ৰথমটো স্হায়ী সাৰ্বজনীন নৱগ্ৰহ মন্দিৰৰ দ্বাৰ মুকলি আৰু প্ৰাণ প্ৰতিষ্ঠা উৎসৱ অনুষ্ঠিত হয়। আজি পুৱা নৱগ্ৰহ মন্দিৰৰ দ্বাৰ উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। মন্দিৰৰ দ্বাৰ উন্মোচন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও চহৰত সাৰ্বজনীন নৱগ্ৰহ মন্দিৰ স্হাপনে আধ্যাত্মিক দিশত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে মধ্য অসমৰ ৰাইজক উপকৃত কৰিব । বিধায়ক শৰ্মাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকলৰ অৱদানৰ শলাগ লোৱাৰ লগতে প্ৰয়াত ব্যক্তি সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে ।
জিতেন বৰকটকীয়ে আঁত ধৰা দ্বাৰ উন্মোচনী সভাত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰা, শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা, নগাঁও পৌৰসভাৰ কাৰ্যকৰী বিষয়া শিল্পীৰেখা পণ্ডিত,নৱগ্ৰহ মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি প্ৰবিৰ বৰুৱা, কাৰ্যকৰী সভাপতি ভাৰত ভাগৱতী,উপ সভাপতি মুকুল শৰ্মা, পুষ্পেন্দ্ৰ বৰগোঁহাই, সম্পাদক প্ৰফুল্ল শৰ্মা, প্ৰাণকৃষ্ণ শৰ্মা,যতীন্দ্ৰ কুমাৰ দাস প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে ।
অনুষ্ঠানত মন্দিৰ প্ৰতিষ্ঠাৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তিক সম্ভাষন জনোৱা হয়।ইপিনে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অনুদানেৰে নগাঁও শ্মশান ঘাট কালী মন্দিৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা এটি ৰাজহুৱা ভোগগৃহ আজি ৰাইজৰ বাবে মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই । ইপিনে পুৰোহিত ৰত্ন তোষেশ্বৰ শৰ্মা, ৰাজেন শৰ্মাৰ লগতে প্ৰদীপ শৰ্মা,জগত শৰ্মাৰ তত্বাৱধানত বৌদিক নিয়মানুসাৰে আজি নৱগ্ৰহ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ সম্পন্ন হয়।
আজি সন্ধিয়া নাম প্ৰসংগৰে নৱগ্ৰহ মন্দিৰৰ দ্বাৰ মুকলি আৰু প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ সামৰণি পৰে। উল্লেখ্য যে ২০১৫ চনত নিৰ্মান কাৰ্য আৰম্ভ হোৱা এই নৱগ্ৰহ মন্দিৰ ৰাইজৰ সহযোগৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে।