Thursday, March 12, 2026
Homeঅসমআদিবাসী জনজাতিকৰণ মিছা আভুৱা ভৰিছে চৰকাৰেঃআছা

আদিবাসী জনজাতিকৰণ মিছা আভুৱা ভৰিছে চৰকাৰেঃআছা

আদিবাসীকে ধৰি ছয় জনজাতিকৰণ বিষয়টো জানি শুনি বিলম্ব কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৷ ২০১৯ চনত ৰাজ্যসভাত অসমৰ আদিবাসীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় বিধেয়ক উত্থাপন হোৱা ছয় বছৰৰ পিছতো অসমৰ দুুটা মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল নকৰাটো দূৰ্ভাগ্যজনক আখ্যা দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি ৰেজান হৰো আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে ৷

ইমান দিনে হিমন্ত বিশ্ব চৰকাৰে আদিবাসী সকলকৰ জনজাতিকৰণৰ নৱৈ শতাংশ কাম আগবাঢ়িছে বুলি আছাৰ নেতৃবিন্দৰ লগতে বিভিন্ন সভাত ইমান দিনে আভুৱা ভৰি আহিছিল যদিও যোৱা কালি লোকসভাত জনজাতি বিভাগৰ ৰাজ্যমন্ত্ৰী দূৰ্গাদাস উইকি মন্তব্যত উন্মোচিত হল আভুৱা ভৰা তথ্য ৷

এতিয়া বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ বৈতৰণী পাৰ হবলৈ আকৌ আজি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত অক্টোবৰত মন্ত্ৰীগোটৰ পঠোৱা হব বুলি কৈছে যদিও সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিশ্বাসত লব পৰা নাই ৷ আদিবাসী কে ধৰি ছয় জনগোষ্ঠী জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ সেইয়া পুণৰবাৰ উন্মোচিত হৈছে ৷ দুটাকৈ মন্ত্ৰীগোটে কেন্দ্ৰ চৰকাৰক প্ৰতিবেদন দাখিল নকৰা বিষয়টো গেৰুৱা চৰকাখনে যে ইমান দিনে প্ৰতাৰণাৰ ৰাজনীতি কৰিছে স্পষ্ট কৰি তুলিছে ।

কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত বিজেপিয়ে জনজাতিকৰণৰ প্ৰসংগ আওৰাই আহিলেও সেইয়া বি টি আৰ পৰিষদীয় নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মূখীন হল লাগিব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ নেতাদ্বয়ে সকীয়াই দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments