Friday, November 8, 2024
Homeৰাজনৈতিকনিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ৫০০ টকাৰ জৰিমনাৰ সন্মুখীন স্বাস্থ্যমন্ত্ৰী

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ৫০০ টকাৰ জৰিমনাৰ সন্মুখীন স্বাস্থ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ANEWS24x7:২০১৭ বৰ্ষৰ উত্তৰ-প্ৰদেশ নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন হৈছিল উত্তৰপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী মায়াংকেশ্বৰ শৰণ সিঙৰ বিৰুদ্ধে ৷ নিৰ্বাচনৰ সময়ত আমেঠিৰ এক জনসভাত মায়াংকেশ্বৰ শৰণ সিঙ সহ ১৫০ জন লোকৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

পৰবৰ্তী সময়ত মন্ত্ৰীজনৰ বিৰুদ্ধে ২০১৯ চনত আদালতত এখন অভিযোগ নামা দাখিল কৰা হৈছিল ৷ এই গোচৰৰ শুনানী গ্ৰহণ কৰি শনিবাৰে চুলতানপুৰ আদালতে উত্তৰ-প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী মায়াংকেশ্বৰ শৰণ সিঙক ৫০০ টকাৰ জৰিমনা বিহে ৷ চুলতানপুৰ আদালতৰ ন্যায়াধীশ চাইমা চিদ্দিকী আলমে জৰিমনাৰ এই ধনৰাশী জমা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত উত্তৰপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী মায়াংকেশ্বৰ শৰণ সিঙে উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল ৷ উচ্চ ন্যায়ালয়ে জৰিমনা দিয়াৰ পিছত সংশ্লিষ্ট আদালতক উক্ত গোচৰ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments