Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়বুলডোজাৰ মডেলক তীব্ৰ সমালোচনা উচ্চ ন্যায়ালয়ৰ

বুলডোজাৰ মডেলক তীব্ৰ সমালোচনা উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: বুলডোজাৰ মডেলক তীব্ৰ সমালোচনা উচ্চ ন্যায়ালয়ৰ ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ বুলডোজাৰ মডেল কাৰ্যকৰী কৰিবলৈ গৈ সমালোচনাৰ সন্মুখীন হৈছে বিহাৰ আৰক্ষী ৷ আৰক্ষীক তামাচা বন্ধ কৰিবলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ ৷

কিছুদিন পূৰ্বে বিহাৰৰ এগৰাকী মহিলাৰ ঘৰ আৰক্ষীয়ে বুলডোজাৰেৰে ভাঙি পেলাইছিল ৷ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে আৰক্ষীয়ে উচ্ছেদৰ জাননী অবিহনে কোনো কাৰণ নোহোৱাকৈ ঘৰটো ভাঙি পেলাইছিল ৷ মহিলাগৰাকীয়ে এই সন্দৰ্ভত পাটনা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷

মহিলা গৰাকীয়ে দাবী কৰিছিল যে তাইৰ ঘৰটো নিৰ্মাণ কৰা ভূমিৰ আইনী সকলো প্ৰমাণ আছে ৷ আৰক্ষীয়ে ভূমাফিয়াৰ সহায়ত তেওঁক সেই ঠাইৰ পৰা আঁতৰাবলৈ বিচাৰিছিল ৷ আৰক্ষীৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ পিছত আদালতে লক্ষ্য কৰে যে চৰকাৰী নিয়ম অনুসৰি মহিলাগৰাকীৰ ঘৰ ভাঙি পেলোৱা হোৱা নাছিল ৷

আদালতে ৰায় প্ৰদান কৰি কয় যে ,‘‘ আপোনাৰ ভয়ৰ কোনো কাৰণ নাই ৷ ইয়াত আপোনাৰ অধিকাৰ সুৰক্ষিত ৷’’ এই ঘটনাৰ লগত জড়িত বিষয়াসকলক ৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিয়ে ৷ বুলডোজাৰেৰে মহিলাগৰাকীৰ ঘৰটো ধ্বংস কৰা ঘটনাৰ লগত জড়িত আৰক্ষী বিষয়া সকলে মহিলাগৰাকীক মুঠ ৫ লাখ টকা ক্ষতিপূৰণ দিব লাগিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments