ডিজিটেল ডেস্ক, ANEWS24x7: ২০০৮ চনৰ,৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত NDFB নেতা ৰঞ্জন দৈমাৰীৰ কাৰাদণ্ডৰ ৰায় বাহাল ৰখাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে ৷
উচ্চ ন্যায়ালয়ে ৰঞ্জন দৈমাৰীৰ লগতে আন ৯ অভিযুক্তৰ পূৰ্বৰ ৰায়কে বাহাল ৰাখিছে। আনহাতে এই ঘটনাৰ আন চাৰিজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে ইয়াৰ পূৰ্বে নিম্ন আদালতে ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ৷