ডিজিটেল ডেস্ক, ANEWS24X7: হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰায় এমাৰ পিছতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙ সুখুৱে সম্প্ৰসাৰণ কৰিলে মন্ত্ৰীসভা ৷ দেওবাৰে শপত গ্ৰহণ কৰিলে সাতজন নতুন মন্ত্ৰীয়ে ৷ ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ তথা চিমলা গ্ৰাম্য বিধানসভা সমষ্টিৰ বিধায়ক বিক্ৰমাদিত্য সিঙে ৷
দেওবাৰে কচুমুপতিৰ বিধায়ক অনিৰুদ্ধ সিঙ , শিল্লাইৰ বিধায়ক হৰ্ষবৰ্ধন চৌহান , কিন্নৌৰৰ বিধায়ক জগত সিং নেগী, বিধায়ক ৰোহিত ঠাকুৰ , চোলানৰ জ্যেষ্ঠ বিধায়ক ধনী ৰাম শণ্ডিল , চিমলা গ্ৰাম্য বিধানসভা সমষ্টিৰ বিধায়ক বিক্ৰমাদিত্য সিঙ আৰু জাৱালীৰ বিধায়ক চন্দ্ৰ কুমাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ হিমাচল কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি আনাগত দিনত মন্ত্ৰীসভা সম্প্ৰসাৰণ আন এটা পৰ্যায়ত হ’ব পাৰে ৷
উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰত সুখবিন্দৰ সিঙ সুখুৱে মুখ্যমন্ত্ৰী হিচাপে আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে মুকেশ অগ্নিহোত্ৰীয়ে শপত গ্ৰহণ কৰিছিল ৷ বিগত একমাহে দুয়োজন মন্ত্ৰীয়ে মন্ত্ৰীসভা চলাই আছিল ৷