ডিজিটেল ডেস্ক, ANEWS24X7: ১৯ ,২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজাৰ জোনবিল মেলা ৷ ৬০০ শতিকাতে প্ৰতিষ্ঠা হোৱা গোভা ৰাজ্যই আজিও নিজস্ব স্বকীয় পৰম্পৰা ৰক্ষা কৰি আহিছে ৷ ১৪০০ শতিকাত গোভা ৰজাই প্ৰতিষ্ঠা কৰা জোনবিল মেলাই আজিও নিজৰ পৰম্পৰা অক্ষুণ্ণ ৰখিছে ৷
জোনবিল মেলাৰ বিনিময় পথা সমগ্ৰ বিশ্বতে বিৰল ৷ ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যত পাহাৰৰ মামা-মামী সকলৰ সৈতে ভৈয়ামৰ লোকসকলে বিনিময় পথাৰে সমন্বয়ৰ এনাজৰি ধৰি ৰাখিছে ৷ কাৰ্বি আংলঙ আৰু মেঘালয়ৰ পৰা অহা পাহাৰীয়া জনজাতিয় লোকসকলে জলকীয়া , আদা ,হালি , কচু, ৰঙালাও , লা , বাঁহ-বেতৰ সামগ্ৰীৰে মেলাত অংশ লৈ ভৈয়ামৰ লোক সকলেৰে বিনিময় কৰে ৷
বিশ্বায়নৰ এই ভৰপক সময়তো অতীতৰ পৰম্পৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে এই সকল জনজাতীয় লোকে ৷ এই বিনিময় পথাৰ বাবে জোনবিল মেলা বিশ্ব বিখ্যাত ৷ প্ৰতি বছৰে মাঘ মাহৰ প্ৰথমটো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা জোনবিল মেলালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আহে ৷ অসমীয়া সংস্কৃতিৰ বৰঘৰত জোনবিল মেলাই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে ৷ ঐতিহ্য পৰম্পৰাৰে চহকী অসমৰ এক নিদৰ্শন জোনবিল মেলা ৷
জাগীৰোডৰ তিনি কিল’মিটাৰ উত্তৰ দিশে থকা জোনবিলৰ পাৰত প্ৰতিবছৰে অনুষ্ঠিত হয় গোভা দেউৰজাৰ জোনবিল মেলা ৷ তিনিদিনীয়াকৈ আয়োজন কৰা জোনবিল মেলালৈ কাৰ্বি পাহাৰ আৰু মেঘালয়ৰ পৰা অহা বিভিন্ন লোক সকলে নিজৰ উৎপাদিত আলু-কচু, লাউ-কোমোৰা, আদা, লা, তিল, ধূনা, গাজটেঙা আদি নানান বস্তুৰে পোহাৰ মেলে৷ ভৈয়ামৰ লোক সকলে পিঠা-পনা, লাড়ু, জা-জলপান, শুকান মাছ , কেঁচা মাছ আদিৰ লগত পাহাৰৰ পৰা অনা সামগ্ৰী সমূহ বিনিময় কৰে ৷
জোনবিল মেলাৰ পৰম্পৰাৰ অন্যতম আকৰ্ষণ হৈছে বিলত মাছ মৰা পৰ্ব ৷ মাছ মৰা পৰ্বৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা লোক আহি জোনবিলত উপস্থিত হয় ৷ ৰজাই শিঙা বজাই অনুমতি দিয়াৰ লগে লগে সুহুৰি-কিৰিলি পাৰি ডেকা-গাভৰুসকলে মাছ মাৰিবলৈ বিলৰ পানীত নামি পৰে৷ ডেকা-গাভৰু সকলোৱে বিহু নাম গাই ফুৰ্তি কৰি মাছ ধৰি এসাজ খায় ৷
জোনবিল মেলাতে মধ্য অসমৰ ১৮জন তিৱা ৰজাই ৰাজদৰবাৰ পাতে ৷ বর্তমানৰ গোভা ৰজা দীপসিং দেওৰজাই ৰাজনৈতিকভাৱে নহ’লেও সামাজিকভাৱে ৰাজকীয় মর্যাদা-স্বীকৃতি লাভ কৰি ৰাজত্ব চলাই আছে ৷ এই ৰাজত্বৰে, ৰাজকীয় পৰম্পৰাৰ এক অংশ হিচাপে জোনবিল মেলা আজিও বিদ্যামান ৷গোভা ৰাজ্য আৰু বর্ণাঢ্য সংস্কৃতি-সভ্যতাৰ পূর্বৰ গৰিমা আজিও বৰ্তাই ৰাখিছে ৷