Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ক’ৰোনাৰ বিভীষিকা

ক’ৰোনাৰ বিভীষিকা

ডিজিটেল ডেস্ক, ANEWS24X7: চীনৰ কৰ’না পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে। চীনকে ধৰি বিভিন্ন দেশত সংক্রমণ বৃদ্ধি পোৱাৰ পাছত স্বাস্থ্য মন্ত্র্যালয়ে বহিঃৰাজ্যৰ পৰা অহাসকলক লৈ উদ্বেগ বৃদ্ধি কৰিছে৷ তাৰে বহুতৰে কৰ’না ধৰা পৰিছে।

আজি চেন্নাই বিমানবন্দৰত ডুবাইলৈ ঘূৰি অহা দুজন লোকৰ দেহত ধৰা পৰিছে পজিটিভ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত বহিঃৰাজ্যৰ পৰা ভাৰতলৈ অহা প্ৰায় ৬০০০ লোকৰ ভিতৰত ৩৯ জনৰ ক’ভিড পজিটিভ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও কেন্দ্ৰই চিন্তা কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই অৱশ্যে আজি বিশেষজ্ঞৰ সৈতে বৈঠকত মিলিত  হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি দাবী কৰে। কৰ’নাৰ সৈতে যুঁজিবলৈ দেশত প্ৰয়োজনীয় আন্তঃগাঁথনি আছে। এই কেন্দ্ৰটোৱে সংক্ৰমণ প্ৰতিৰোধৰ বাবে কাম কৰি আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments