ডিজিটেল ডেস্ক, ANEWS24X7: মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ লক আপত ভয়ংকৰ ঘটনা । থানাৰ ভিতৰত থাৰ্ড ডিগ্ৰী প্ৰদান আক্রান্ত যুৱকক । ইপিনে আৰক্ষীৰ প্ৰহাৰত GMCH ত ভৰ্তী কৰাৱ লগীয়া হয় এজন যুৱকক । বশিষ্ঠ আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰিছে ভূক্তভোগীৰ পৰিয়ালে । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভেটাপাৰাৰ কল্যাণ শৰ্মা নামৰ মাটিৰ ব্যবসায়ীৰ ঘৰৰ পৰা সোণ চুৰি হোৱা গোচৰ ৰুজু হৈছিল অমিত হালৈৰ জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে । সেই অভিযোগত অমিত হালৈৰ ভাতৃ গ্ৰেপ্তাৰ হৈছিল।
কিন্তু শেহতীয়াকৈ অমিত হালৈৰ ভাতৃ জামিন লাভ কৰাৰ পিছতে একেটা চুৰি ঘটনা সন্দেহত বশিষ্ঠৰ নিজ গৃহৰ পৰা সোমবাৰে আটক কৰিছিল অমিত হালৈ নামৰ যুৱকজনক। তাৰ পিছতেই তদন্তৰ নামত আৰক্ষী থানাই চলাই থাৰ্ড ডিগ্ৰী আৰু এই থাৰ্ড ডিগ্ৰীতে অসুস্থ হৈ ভৰ্তি হব লগীয়া হয় GMCH ত । ইপিনে কিছুদিন পুৰ্বে একে অভিযোগত অমিত হালৈৰ জ্যোষ্ঠ ভাতৃ য়ে কল্যান শৰ্মা নামৰ মাটিৰ ব্যৱসায়ীৰ ঘৰত ঘৰুৱা কাম বন কৰা হিচাবে প্ৰায় তিনি বছৰ কাম কৰিছিল ।
যি সময়ত মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে আৰক্ষীক সাধৰন ৰাইজক সহযোগ কৰাৰ বাবে আহ্বান জনায় আহিছে , তেনে সময়ত বশিষ্ঠ আৰক্ষীয়ে অতি দৰিদ্ৰ পৰিয়ালটোক মাটিৰ ব্যৱসায়ীৰ এক গোচৰত হাৰাশাস্তি কৰা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । আনহাতে জেষ্ঠ ভাতৃয়ে জেলৰ পৰা মুকলি হৈ অহাৰ পিছতে কনিষ্ঠ ভাতৃ অমিত হালৈক আৰক্ষীয়ে আটক কৰি প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। সেয়েহে এতিয়া ঘটনাৰ ন্যায় বিচাৰি আৰক্ষীৰ শীৰ্ষ বিষয়াক আহবান জনাইছে ভূক্তভোগীৰ পৰিয়ালে।