Friday, November 8, 2024
Homeআন্তজাৰ্তিকসাধাৰণ নিৰ্বাচনৰ বাবে বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত

সাধাৰণ নিৰ্বাচনৰ বাবে বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত

ডিজিটেল ডেস্ক,  ANEWS24X7: সন্মুখত সাধাৰণ নিৰ্বাচন ৷ নিৰ্বাচনৰ বাবে বন্ধ কৰা হ’ব ভাৰত-নেপাল সীমান্ত ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সধাৰণ নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি ৭২ ঘন্টাৰ বাবে ভাৰত-নেপাল সীমান্ত বন্ধ ৰখোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

শনিবাৰে নেপালৰ ৰূপান্দেহী জিলাত অনুষ্ঠিত হোৱা দুয়োখন দেশৰ বিষয়া সকলৰ এক উচ্চস্তৰিয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ নিৰ্বাচনৰ সময়ত সীমান্তত হ’ব পৰা সম্ভাব্য অসমাজিক কাৰ্যকলাপ ৰূধ কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷ এই কথা সদৰী কৰে মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশ সতেন্দ্ৰ কুমাৰে ৷

মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশ সতেন্দ্ৰ কুমাৰে কয় যে , ” দুয়োখন দেশৰ চুবুৰীয়া জিলাৰ বিষয়াসকলৰ সমন্বয় সমিতিৰ বৈঠকত ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰৰ মাজনিশা ১২ বজালৈ ৭২ ঘণ্টাৰ বাবে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।সম্ভাৱ্য বিশৃংখলতাৰ ওপৰত দৃষ্টি ৰাখিবলৈ সীমান্তত অতিৰিক্ত নিৰাপত্তা মোতায়েন কৰা হ’ব ”

উক্ত বৈঠকত , স্থানীয় প্ৰশাসন, আৰক্ষী, সশস্ত্ৰ সীমা বল , সেনা, শুল্ক, প্ৰব্ৰজন বিভাগ আৰু দুয়োখন দেশৰ সংশ্লিষ্ট অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপান্দেহী, কপিলবাস্তু আৰু পশ্চিম নৱালপাৰাচীৰ মুখ্য জিলা বিষয়া, জিলা দণ্ডাধীশ আৰু ভাৰতৰ সিদ্ধাৰ্থনগৰ আৰু মহাৰাজগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকসকলে এই সমন্বয় বৈঠকত অংশগ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments