ডিজিটেল ডেস্ক, ANEWS24X7 : বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ খেলুৱৈ সকল ৷ বিশেষ বিমানযোগে বিয়লি ৪.৪৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব দল দুটাৰ খেলুৱৈ সকল ৷বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ যাব খেলুৱৈ সকল ৷
৩০ ছেপ্টেম্বৰত দুয়োটা দলে বৰ্ষাপাৰা ষ্টেডিয়ামত পৃথকে পৃথকে অনুশীলন কৰিব ৷ উল্লেখ্য যে অহা ২ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টী-২০ মেচ।