Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়ভাৰতীয় সেনাই লাভ কৰিব ঘাতক অস্ত্ৰ, মিনিটত চালনা কৰিব পাৰিব ৭০০ গুলী

ভাৰতীয় সেনাই লাভ কৰিব ঘাতক অস্ত্ৰ, মিনিটত চালনা কৰিব পাৰিব ৭০০ গুলী

ডিজিটেল ডেস্ক, ANEWS24X7: এইবাৰ ভাৰততে নিৰ্মাণ কৰা হৈছে ঘাতক অস্ত্ৰ ৷ ভাৰতত নিৰ্মাণ কৰা এই বন্দুকটোৰ পৰা প্ৰতি মিনিটত ৭০০ গুলি চালনা কৰিব পৰা যাব ৷ চলিত বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ’ব ইয়াৰ উৎপাদন প্ৰক্ৰিয়া ৷

উত্তৰ প্ৰদেশৰ আমেঠিৰ এটা কাৰখানাত নিৰ্মাণ কৰা হ’ব AK-203 এছল্ট ৰাইফল ৷ ৰাছিয়াৰ কাৰিকৰী সহায়ৰ জৰিয়তে ভাৰতত যুটীয়া ভাবে নিৰ্মাণ কৰা হ’ব AK-47 এছল্ট ৰাইফলৰ এই উন্নত সংস্কৰণটো ৷ সোমবাৰে এই কথা সদৰী কৰে ৰাছিয়াৰ এজন সামৰিক বিষয়াই ৷

ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে নিৰ্মাণ কৰিছে এই ৰাইফলটো ৷ ইণ্ডো-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি উলিয়াব এই উন্নত সংস্কৰণৰ ৰাইফলটো ৷বৰ্তমান, স্বদেশীভাৱে নিৰ্মিত ‘আইএনএছএএছ ৰাইফল’ ভাৰতীয় সেনা আৰু ৰাষ্ট্ৰীয় ৰাইফলে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা আহিছে ।

স্বয়ংক্ৰিয় AK-203 ৰাইফল উৎপাদন আৰম্ভ হোৱাৰ পিছত ইনচাছ ৰাইফলৰ পৰিৱৰ্তে AK-203 প্ৰদান কৰা হ’ব ভাৰতীয় সেনাক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments