ডিজিটেল ডেস্ক, ১৬জুলাইঃ আগন্তুক ৩দিনত সমগ্ৰ দেশৰ ১৯ খনকৈ ৰাজ্যলৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰিছে হাই এলাৰ্ট। আগন্তুক ৩দিনত মুষলধাৰ বৰষুণৰ লগতে ভয়াৱহ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। ভয়াৱহ বান পৰিস্থিতিক লৈ এতিয়া অসমতো সতৰ্ক কৰি দিয়া হৈছে। যিকোনো মূহূৰ্ততে বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। অসমকে ধৰি দেশৰ ১৯খন ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ।
আগন্তুক ৩দিনলৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰিছে সতৰ্কবাণী ।ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মহাৰাষ্ট্ৰ, কেৰেলা, গোৱা, কৰ্ণাটকত ৰেড এলাৰ্ট জাৰি কৰিছে। লগতে প্ৰচণ্ড বৰষুণক লৈ অন্ধ্ৰ প্ৰদেশ, পূব ৰাজস্থান, তেলেংগানা আৰু ওড়িশাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ইয়াৰোপৰি উত্তৰাখণ্ড, উত্তৰ প্ৰদেশৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চল বাঢ়নি পানীৰ ফলত জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে অনন্তনাগত সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা। ভয়ংকৰ ডাৱৰ বিস্ফোৰণত ক্ষতিসাধন হয় এটা বাসগৃহসহ পশুধনৰ। গুজৰাট, অসম, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰীৰ। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ভয়াৱহ পৰিস্থিতিৰ সময়ত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।