Saturday, July 5, 2025
Homeৰাজনৈতিকমাৰ্চত কৰ্ণাটকৰ কাৰৱাৰ নৌ সেনা ঘাটিত অনুষ্ঠিত হ’ব সংযুক্ত কামাণ্ডাৰ সন্মিলন

মাৰ্চত কৰ্ণাটকৰ কাৰৱাৰ নৌ সেনা ঘাটিত অনুষ্ঠিত হ’ব সংযুক্ত কামাণ্ডাৰ সন্মিলন

ডিজিটেল ডেস্ক, ANEWS24X7: মাৰ্চ মাহত কৰ্ণাটকৰ কাৰৱাৰ নৌ সেনা ঘাটিত অনুষ্ঠিত হ’ব সংযুক্ত কামাণ্ডাৰ সন্মিলন ৷ এই সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে মিলিটাৰী থিয়েটাৰ কামাণ্ডৰ ওপৰত চূড়ান্ত পৰ্যায়ত আলোচনাত মিলিত হ’ব ৷ ভাৰতীয় সেনাৰ সংস্কাৰ সাধনৰ বাবে গঠন কৰা হ’ব মিলিটাৰী থিয়েটাৰ কামাণ্ড ৷

কি এই মিলিটাৰী থিয়েটাৰ কামাণ্ড ?

যিকোনো পৰিস্থিতিত ভাৰতৰ ভূখণ্ডৰ এটা নিৰ্দিষ্ট অঞ্চলৰ অখণ্ডতা সুৰক্ষিত কৰিবলৈ তিনিটা বাহিনীক ব্যৱহাৰ কৰিব পাৰিব এজন কামাণ্ডাৰে ৷ এই ব্যৱস্থাকে চমুকৈ থিয়েটাৰ কামাণ্ড বুলি কোৱা হয় ৷

সেনাৰ সৰ্বাধিনায়ক নিযুক্তি দিয়াৰ পিছতে এই বিষয়টোৱে আলোচনাৰ গতি লাভ কৰিছিল ৷ অৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ডি বি শ্বেখটকাৰৰ সংস্কাৰ প্ৰতিবেদনত থিয়েটাৰ কামাণ্ড গঠনৰ পৰামৰ্শ দিছিল ৷ বৰ্তমান চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনীত এনে এক ব্যৱস্থা আছে ৷

দেশৰ দ্বিতীয় চিডিএছ জেনেৰেল অনিল চৌহানে ইতিমধ্যে তিনিওটা বাহিনীৰ মুৰব্বীসকলৰ সৈতে বিতং আলোচনাত মিলিত হৈছে ৷ এই সন্দৰ্ভত ইতিবাচক দিশসমূহ ব্যাখ্যা কৰাৰ উপৰিও চিডিএছ অনিল চৌহানে থিয়েটাৰ কামাণ্ডৰ ওপৰত থকা আপত্তিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব ৷

ধাৰণা কৰা হৈছে যে সেনাবাহিনীত থিয়েটাৰ কামাণ্ড সৃষ্টিৰ প্ৰাৰম্ভিক ঘোষণা এই বছৰত কৰা হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments