Saturday, November 9, 2024
Homeঅসম১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল ডেস্ক, ANEWS24X7: পৰ্যটকৰ বাবে সাজু কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ অহা ১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

২০২২-২৩ পৰ্যটন বৰ্ষত পৰ্যটকৰ আকৰ্ষণৰ বাবে গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মাণ কৰা হৈছে তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি ৷ ২০২১ বৰ্ষৰ ২২ ছেপ্টেম্বৰত দাহ কৰা গঁড়ৰ খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তিকেইটা ৷ আগন্তুক এক সপ্তাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব প্ৰতিমূৰ্তি কেইটাৰ৷

এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে ৷ পৰ্যটকক আদৰিবলৈ ইতিমধ্যে তৎপৰতা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ উল্লেখ্য যে ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments