ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ পৰা সন্ত্ৰাসবাদ মুক্ত কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ বাবে শেষতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷ ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ উভতি আহিছে ৷ বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ ৫ টা আদিবাসী বিদ্ৰোহী সংগঠনে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে ৷
শান্তিচুক্তি স্বাক্ষৰ কৰাৰ পিছত আজি অসমলৈ উভতি আহে বিদ্ৰোহী সংগঠন কেইটাৰ নেতৃবৃন্দ ৷ পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় প্ৰায় পাঁচ শতাধিক সদস্য । গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত বিদ্ৰোহী সংগঠন কেইটাৰ নেতৃবৰ্গক উষ্ম আদৰণি জনাই ৷ আদিবাসী সকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্যৰে আদৰণি জনাই বিদ্ৰোহী নেতা সকলক ৷ আদিবাসী সকলৰ দীৰ্ঘদিনীয়া মৌলিক সমস্যা সমূহ এই ত্ৰিপাক্ষিক শান্তি চুক্তিৰ দ্বাৰা সমাধান হ’ব বুলি আশা কৰিছে আদিবাসী জনতাই ৷
উল্লেখ্য যে এই গোটসমূহৰ সৰ্বমুঠ ১,১৮২গৰাকী কেডাৰে অস্ত্ৰ সমৰ্পণ কৰি ইতিমধ্যে মূলসুঁতিলৈ উভতি আহিছে । পাঁচটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠন ক্ৰমে বিৰছা কমাণ্ডো ফ’ৰ্চ , আদিবাসী পিপলছ আৰ্মী , অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মী , আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম আৰু চাওতাল টাইগাৰ ফ’ৰ্চ ।
শান্তি চুক্তি স্বাক্ষৰ কৰি আজি সংগঠনৰ সদস্য সকল বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত জনজাতীয় কৃষ্টি-সংস্কৃতিৰে বিপুল আদৰণী জনোৱা হয় ।