ডিজিটেল ডেস্ক, ANEWS24x7: ৰাজীৱ ভৱনত শতাধিক সহযোগীৰে কংগ্ৰেছত চামিল এল ডি পি নেতা প্ৰদ্যুৎ বৰা। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিত কংগ্ৰেছত চামিল এল ডি পি। লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই, তাৰ মাজতে কংগ্ৰেছলৈ আহিলে এই ভাল খবৰ।
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে আনুষ্ঠানিক ভাৱে চামিল হ’ল প্ৰদ্যুৎ বৰা নেতৃত্বাধীন লিবাৰেল ডেমক্ৰেটিক পাৰ্টি।
প্ৰদ্যুৎ বৰাৰ উপৰিও কংগ্ৰেছত যোগদান কৰিলে এল ডি পিৰ নেতা গুণ গগৈ আৰু দিপালি শইকীয়াই।এল ডি পিৰ ৪০০ সদস্যইয়ো আনুষ্ঠানিক ভাৱে কংগ্ৰেছৰ হাত খামুচিলে
বিজেপি আই টি চেলৰ প্ৰতিষ্ঠাপক আছিল প্ৰদ্যুৎ বৰা। ৬মাহ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই LDP দলৰ নেতা প্ৰদ্যুৎ বৰাক ঘৰলৈ মাতি নি চামিলকৰণৰ প্ৰস্তাৱ দিছিল।