Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ইটালীৰ বিখ্যাত 'মিলান ফেশ্বন উইক'ত অসমৰ সংযুক্তা দত্তৰ পাট-মুগা ফেশ্বনৰ যাদু 

ইটালীৰ বিখ্যাত ‘মিলান ফেশ্বন উইক’ত অসমৰ সংযুক্তা দত্তৰ পাট-মুগা ফেশ্বনৰ যাদু 

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : ইটালীৰ মিলান চহৰত ব্যতিক্ৰমী প্ৰয়াসেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ এক অনন্য প্ৰদৰ্শনী ‘কঁহুৱা কোমল’ ৷ অসমীয়া পৰম্পৰাগত বস্ত্ৰৰ দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষাৰে আন্তঃৰাষ্ট্ৰীয় ফেশ্বনৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিখ্যাত ডিজাইনাৰ অসমৰ সুযোগ্যা সন্তান সংযুক্তা দত্তই ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিখ্যাত ‘মিলান ফেশ্বন উইক’ত তেওঁৰ শেহতীয়া বস্ত্ৰ সমাহাৰৰ ফেশ্বন আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আইকন সকলৰ উপস্থিতিত প্ৰদৰ্শন কৰে ৷

অসমীয়া পাট-মুগাৰ সাজৰ নতুনত্বৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব পৰাকৈ সংযুক্তা দত্তই প্ৰস্তুত কৰি উলিওৱা বস্ত্ৰ সম্ভাৰৰ ফেশ্বন শ্ব’টোৱে মিলান ফেশ্বন উইকত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মিলানত থকা ভাৰতৰ কনছুল জেনেৰেল শ্ৰীমতী টি অজুংলা জামিৰ আৰু ভাৰতীয় মহাসচিব লুচিয়ানো পেট্টোৱেলো মাণ্টোভানিকে ধৰি অনুষ্ঠানটোত উপস্থিত থকা বিশেষ অতিথি সকলক সংযুক্তা দত্তৰ অসমীয়া পাট-মুগা বস্ত্ৰ সম্ভাৰে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

ইয়াৰ উপৰিও ইটালীৰ চেম্বাৰ অৱ কমাৰ্চৰ লগতে টি অ’ ডিৰ গ্ৰুপৰ বিশেষ প্ৰকল্প পৰিচালক তথা ভাৰত বিপণন পৰিচালক শ্ৰীমতী দিব্যা সিং আৰু ভাৰতীয় মূলৰ অন্যান্য বিশিষ্ট প্ৰবাসী লোকসকল সকলোৱে ‘কঁহুৱা কোমল’ শ্ব’টোত প্ৰদৰ্শিত পাট-মুগাৰ বাচকবণীয়া বস্ত্ৰ সম্ভাৰৰ শিল্পকৰ্মৰ কাৰুকাৰ্য্য প্ৰত্যক্ষ কৰি হাত চাপৰিৰে অভিবাদন জনায় ।

মিলানৰ ৰেম্পত বৰ্ণিল ৰূপত প্ৰাণ পাই উঠা অসমীয়া পাট-মুগাৰ ভাঁজে ভাঁজে যেন সপোনহে ৰচিলে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতৰ এটি চিনাকী নাম হৈ পৰা সংযুক্তা দত্তই । এক অৰ্থত, বিদেশৰ মাটিত মডেলৰ দেহত উজলি উঠা পাট-মুগা ৰেচমৰ কেৱল সাজ-পোছাক নাছিল এয়া ৷ এয়া আছিল সাজ-পোচাকৰ সংজ্ঞাক অতিক্ৰম কৰি সমসাময়িক ফেশ্বনৰ সৈতে মিল থকা ভাৰতীয় ধ্ৰুপদী নান্দনিকতাৰ কালজয়ী সংমিশ্ৰণক মূৰ্ত কৰি তোলা ‘কঁহুৱা কোমল’ শীৰ্ষক ফেশ্বনৰ সজীৱ উপস্থাপন। ইটালীৰ মিলানৰ শনিবাৰৰ সন্ধিয়াৰ এই প্ৰদৰ্শনত অসমীয়া ঐতিহ্য সংপৃক্ত বস্ত্ৰ শিল্পকৰ্ম সমূহত প্ৰস্ফুতিত হৈছে ফেশ্বন ডিজাইনাৰ গৰাকীৰ অটল দায়বদ্ধতা আৰু ওপজা মাটিৰ ঐতিহ্যৰ প্ৰতি সন্মান । মাত্ৰ পঁচিশ দিনতকৈ কম সময়ৰ ভিতৰত নিখুঁতভাৱে হস্ততাঁতশালত প্ৰস্তুত প্ৰতি যোৰা সাজ-পোচাকে যেন মিলান চহৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বন বিশেষজ্ঞৰ সন্মুখত নিবেদন কৰিলে অসমীয়া পাট-মুগাৰ পৰম্পৰাৰ কাহিনী। অসমীয়াৰ চেনেহৰ মেখেলা-চাদৰ যোৰৰ পৰা আৰম্ভ কৰি ৰেম্প জিলিকাই তোলা শাৰীলৈকে, ফেশ্বন সমৃদ্ধ গাউনৰ বৈ যোৱা আড়ম্বৰপূৰ্ণতাৰ পৰা আৰম্ভ কৰি ড্ৰেপ-স্কাৰ্টৰ নয়নসাৰ্থক আকৰ্ষণলৈকে আৰু ভাৰতীয়-পশ্চিমৰ সংমিশ্ৰণেৰে লেহেংগাৰ পৰিবৰ্ধিত বস্ত্ৰই নাৰীৰ সৌন্দৰ্যক পাট-মুগাৰ জড়িয়তে বিশ্বৰ সাৰ্বজনীন নাৰীৰ বাবে বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰিলে সংযুক্তা দত্তই ।

অসমৰ পাট-মুগাৰে প্ৰস্তুত পোচাকেৰে বিশ্বৰ ফেশ্বন জগতত প্ৰতিযোগিতাত নামিবলৈ সক্ষম হোৱা বস্ত্ৰ সম্ভাৰৰ এই শ্ব’ত মোহিত হৈ মিলানস্থিত ভাৰতৰ কনছুল জেনেৰেল শ্ৰীমতী টি অজুংলা জামিৰে সংযুক্তা দত্তৰ শিল্পৰাজীক লৈ উচ্ছসিত হৈ পৰে ৷ বিশ্বৰ আগশাৰীৰ এই অনুষ্ঠানটোলৈ জনোৱা আমন্ত্ৰণৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি নাগালেণ্ডৰ সন্তান ভাৰতীয় বৈদেশিক সেৱাৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে কয় যে এগৰাকী উত্তৰ-পূৱৰ সন্তান হিচাবে তেঁও অতি আনন্দ আৰু গৌৰৱ বোধ কৰিছে ৷ তেঁও লগতে কয়— “ শ্ব’টোৰ প্ৰতি দৰ্শকৰ সঁহাৰিৰ সফলতাৰ লগতে মডেলসকলৰ সাজ-পোছাকৰ আড়ম্বৰতাই মোৰ হৃদয়খন সঁচাকৈয়ে মোহিত কৰিছে । দৰ্শকৰ উৎসাহী সঁহাৰিয়ে ইয়াৰ উজ্জ্বলতা বৃদ্ধিহে কৰে। তদুপৰি এজন উত্তৰ-পূর্বাঞ্চলৰ লোক হিচাপে সন্মানীয় মিলন ফেশ্বন উইকৰ দৰে এটা বিশ্বব্যাপী খ্যাতিসম্পন্ন অনুষ্ঠানত অসমৰ প্রতিনিধিত্বৰ সাক্ষী হৈ মই ৰোমাঞ্চিত হৈছোঁ৷ পেৰিছ আৰু নিউয়ৰ্ক ফেশ্বন উইকত আপোনাৰ কৃতিত্বৰ সমান্তৰালভাৱে ইয়াত আপোনাৰ অংশগ্ৰহণে মোক গৌৰৱেৰে ভৰাই তুলিছে । আকৌ এবাৰ অভিনন্দন জনালো সংযুক্তা, আৰু আপোনাৰ যাত্ৰা বিশ্ব মঞ্চত উজ্জ্বলভাৱে উজ্জ্বল হৈ উঠক।”

 

মিলানৰ ফেশ্বন শ্ব’টোত আশাতীতভাৱে সমাদৰ লাভ কৰি ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে, “মিলান ফেশ্বন উইকৰ বিখ্যাত মঞ্চত অসমৰ হস্ততাঁতৰ বস্ত্ৰ শোভা প্ৰদৰ্শনৰ অংশীদাৰ হ’ব পৰাটো এটা সপোন পূৰণ হোৱাতকৈ কোনো গুণেই কম নহয়। আমাৰ ভালপোৱা আৰু শ্ৰমক আকোঁৱালি লোৱাটো মোৰ আৰু মোৰ শিপিনীসকলৰ বাবে এক সৌভাগ্যৰ কথা।” লগতে তেঁও কয় — “প্ৰতিটো ডিজাইনৰ প্ৰতিটো চিলাইৰ লগে লগে মোক আত্ম-ফেশ্বনৰ জৰিয়তে আৱিষ্কাৰ কৰো, যাতে ভাৰতীয় শিল্পৰ কাৰু-কাৰ্যৰ সমাহাৰ মহাদেশসমূহত উজ্জ্বলভাৱে জিলিকি থকাটো নিশ্চিত হয়।”

’কঁহুৱা কোমল’ সম্ভাৰৰ বিষয়ে :
‘কঁহুৱা -কোমল’ অসমৰ পৰা হস্তনিৰ্মিত পাট-মুগা সূতাৰ কোমলতাক আকোঁৱালি লোৱা অসমৰ বুকুৰ পৰম্পৰাৰ মৃদু সজীৱ ৰঙৰ সৈতে মিলি যোৱা এক বস্ত্ৰ সম্ভাৰ ৷ এই বস্ত্ৰ সমূহত আছে দক্ষ অসমীয়া শিপিনীৰ হাতত মূৰ্ত এক কালজয়ী শিল্পকলাৰ অস্তিত্ব। ‘কঁহুৱা কোমল’ নামটোৱেই বহন কৰিছে নিভাঁজ অসমীয়া অসমীয়া গোন্ধ । একেদৰেই সংযুক্তা দত্তৰ নৱতম সৃষ্টি কঁহুৱা – কোমল সংগ্ৰহৰ প্ৰতিযোৰ বস্ত্ৰই অসমৰ পাট-মুগা ৰেচমৰে বোৱা পৰম্পৰাৰ চহকী ঐতিহ্যৰ প্ৰমাণ। অসমৰ চহকী কৃষ্টি আৰু বৰ্ণিল সংস্কৃতিৰ কথা মনত পেলোৱা এই বস্ত্ৰ সম্ভাৰ ৰঙে আনন্দ আৰু নিশ্চিন্ততাৰ অনুভূতি জগাই তুলিব পৰাকৈ সক্ষম ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments