ডিজিটেল ডেস্ক, ANEWS24x7:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ডক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইপিনে লখিমপুৰত CID এ এই সমগ্ৰ কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত কেলেংকাৰীৰ মূল মাষ্টৰমাইণ্ড প্ৰণৱ দত্ত লুইত খাৱলু পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক আছিল লগতে কুমুদ ৰাজখোৱাৰ সৈতে মিলি দত্তই প্ৰশ্নকাকতৰ বেপাৰ চলাইছিল।
আনহাতে দুয়োৱে ধনৰ বিনিময়ত ছাত্ৰ–ছাত্ৰীৰ মাজত প্ৰশ্নকাকত বিলাইছিল। কুমুদ ৰাজখোৱা ডফলাকটা HS বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক আছিল। কিন্তু বৰ্তমান কুমুদ ৰাজখোৱা পলাতক অৱস্থাত আছে আৰু নৈৰ মাজেৰে পলাবলৈ গৈ থকা অৱস্থাতেই প্ৰণৱ দত্তক CIDএ আটক কৰে।