প্ৰসংগ: ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। মন্ত্ৰীগোটৰ আহ্বায়ক ডাঃ ৰণোজ পেগুৰে বৈঠক সম্পন্ন কোচ-ৰাজবংশী সমাজৰ। বৈঠকত আক্ৰাছুকে ধৰি জনগোষ্ঠীটোৰ ১০ টাকৈ সংগঠনৰ নেতৃত্বৰ অংশগ্ৰহণ। কম সময়ৰ ভিতৰতে দিল্লীলৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণৰ আশ্বাস।
মন্ত্ৰীগোটৰ প্ৰতিবেদনত কোচ-ৰাজবংশী সমাজে বিচৰা নাই সংশোধনী। । যিধৰণে আছে সেইধৰণে বিচাৰিছে প্ৰতিবেদন প্ৰেৰণ কৰাটো। ST(P) নাইবা ST(V) হ’লেও নাই আপত্তি জনগোষ্ঠীটোৰ।

মুঠৰ ওপৰত কোচ-ৰাজবংশী জনগোষ্ঠীক লাগে STৰ মৰ্যাদা। বৈঠকৰ অন্তত ক’লে এই কথা জনালে আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনে।
