ডিজিটেল ডেস্ক, ৯জুলাইঃ ৰাজ্যবাসীলৈ পুনৰ সতৰ্কবাণী । আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা । তথ্য অনুসৰি বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে অসম তথা উত্তৰ পুৱত মুষলধাৰ বৰষুন হোৱাৰ সম্ভাৱনা জাৰি কৰিছিল আৰু তাৰ পিছতেই ৰাজ্য়ৰ বিভিন্ন অঞ্চলত বৰষুন হোৱা পৰিলক্ষিত হৈছিল । মঙলবাৰে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৪ দিনলৈ ৰাজ্য়ত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা কৰিছে ।
ইতিমধ্যে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টি পাত আৰম্ভ হৈছে । দিনতে অন্ধকাৰ হৈ পৰিছে । পুনৰ আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা । ৰাজ্য়ৰ কেইবা খনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট । বান বিভীষিকা মাৰ নাযাওঁতেই ৰাজ্যবাসীক পুনৰ সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে ।
উল্লেখ্য যে, ৰাজ্য়ৰ ১৭ খন জিলালৈ সতৰ্ক বাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । কোকৰাঝাৰ,গোৱালপাৰা,চিৰাং,বাক্সা,জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী । ইয়াৰ সমান্তৰালকৈ ওদালগুৰি,দৰং,মৰিগাও,নগাও,শোণিতপুৰ,বিশ্বনাথ, কাৰ্বিআংলং,গোলাঘাট জিলাতো জাৰি কৰিছে সতৰ্ক বাণী। এই সমূহ জিলাত আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত হ’ব । লগতে লখিমপুৰ, ধেমাজি,ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ জাৰি কৰিছে হাই এলাৰ্ট।বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণীয়ে এতিয়া এক প্ৰকাৰৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে কিয়নো আমি যদি শেহতীয়া খবৰ চাবলৈ যাও ৰাজ্য়ত নেৰা নেপেৰা যি বৰষুন হৈছিল সেই পানি ওলাই যাবলৈ নৌ পাওতেই কিন্তু দিনে দিনে প্ৰৱল বৃষ্টি পাতৰ আৰম্ভ হৈছে যাৰ বাবে চাৰিও ফালে এতিয়া বানৰ বিভিষীকা। এফালে বানে চলাইছে বিধ্বংসী ৰুপ আনফালে প্ৰৱল বৃষ্টিপাত যাৰ বাবে আগতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰছে সতৰ্কবাণী