ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ: ৰাজ্যৰ ১ লাখ ১৮ হাজাৰ ৯৯৮ গৰাকী ৰান্ধনী-সহায়িকাই পুনৰ কঁপাব দিছপুৰ! এই কথা ঘোষণা কৰিছে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক মধ্যাহ্ন ৰান্ধনী-সহায়িকা সন্থাই। সংগঠনটোৰ নেত্ৰী তৃষ্ণা নাথে এক প্ৰেছ বিজ্ঞপিযোগে জনোৱা অনুসৰি অসম চৰকাৰে ৰান্ধনীসকলৰ প্ৰাপ্য বকেয়া ধন ইতিমধ্যে মুকলি কৰি দিছে সেয়া আদৰণীয়।
কিন্তু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কেইমাহমান পূৰ্বে ৰাজ্যৰ অন্যান্য মহিলাসকলৰ সমানে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীসকলকো অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি আজিকোপতি চৰকাৰে পালন কৰা পৰিলক্ষিত নহ’ল। চৰকাৰৰ এনে সোপাঢিলা নীতিক সমালোচনা কৰি সংগঠনটোৱে স্পষ্ট কৰে যে, বিগত দিনসমূহত কেৱল আন্দোলন কৰি নিজৰ প্ৰাপ্য আদায়ৰ বাহিৰে ৰন্ধনকৰ্মীসকলে আন কোনো উপায়েৰে নিজৰ প্ৰাপ্য আদায় কৰিবলৈ সক্ষম হোৱা নাই।
আচলতে চৰকাৰে প্ৰতিবাৰেই আন্দোলন কৰিবলৈ বাধ্য কৰাই আহিছে ৰান্ধনী-সহায়িকাসকলক,যিটোক অতি দুৰ্ভাগ্যজনক আখ্যা দিছে সংগঠনটোৱে। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা চৰকাৰক অৰুণোদয় আঁচনিত ৰন্ধনকৰ্মীৰ অন্তৰ্ভুক্তিকৰণৰ প্ৰতিশ্ৰুতি শীঘ্ৰে ৰূপায়নৰ বাবে সংগঠনটোৱে দাবী জনাইছে।
অন্যথা ১০ ডিচেম্বৰত দিছপুৰৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰে চৰকাৰৰ কাম-কাজ অচল কৰাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক মধ্যাহ্ন ৰান্ধনী-সহায়িকা সন্থাই। এতিয়া বান্ধি দিয়া সময়সীমাৰ ভিতৰত চৰকাৰে মধ্যাহ্ন ভোজন ৰান্ধনীসকলৰ দাবী মানি লয় নে নলয় সেয়া সময়েহে ক’ব।
