Tuesday, March 17, 2026
Homeঅসমবিধায়ক হ'ব প্ৰমোদ বড়ো!

বিধায়ক হ’ব প্ৰমোদ বড়ো!

UPPL দলে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে, তামুলপুৰত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৰ।

দলৰ সিদ্ধান্ত অনুসৰি মই পুনৰবাৰ তামুলপুৰত প্ৰাৰ্থী হবলৈ গৈ আছোঁ।

দ্বিতীয় তালিকাত বাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হব।
বড়োলেণ্ডৰ ১৫ টা আসনৰ ভিতৰত অধিক আসন UPPL য়ে লব।

মই বিধায়ক হোৱাৰ বাবে মন মেলা নাই, ৰাইজৰ সেৱাৰ বাবে কাম কৰিব আহিছোঁ।আমি BTC পৰ্যায়ত,বিধান সভা পৰ্যায়ত,আৰু পাৰ্লিয়ামেণ্টৰী পৰ্যায়ত আমাৰ কাম কৰি যাম।

কংগ্ৰেছৰ সৈতে UPPL ৰ মিত্ৰতা সন্দৰ্ভত কয় যে, চর্চাটো হব পাৰে, সময় আছে গতিকে আমি সিদ্ধান্ত লম।

ইপিনে, তামুলপুৰত NDA প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ পূৰ্ণ চৰ্চাৰ লগতে তেওঁ প্ৰচাৰ কাৰ্য চলোৱা সন্দৰ্ভত কয় যে, তেওঁ প্ৰতিদ্বন্দী হলে অভিনন্দন জনাম।

বিজেপিৰ সৈতে আলোচনা বহুত হল, কিন্ত আমাৰ কাৰণে যিটো ভাল আমি সেইটো কৰিছোঁ।

আমি ১৫ টা সমষ্টিত প্ৰাৰ্থী নিদি যদি দুই তিনিটা সমষ্টিত দিওঁ তেন্তে বাকী সমষ্টিবোৰৰ সমৰ্থক সকলে কি কৰিব।

অহা ২০-২৫ বছৰ ভৱিষ্যত চিন্তা কৰি আমি এই সিদ্ধান্ত লৈছোঁ।

উল্লেখ যে, UPPL য়ে প্ৰথমটো তালিকা প্ৰকাশৰ পিছতে আজি তামুলপুৰ জিলা UPPL কাৰ্যালয়ত দলীয় কৰ্মীৰে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কি এইদৰে মন্ত্যৱ আগবঢ়াই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments