ডিজিটেল ডেস্ক, ২৪নৱেম্বৰ: অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি। কাৰ্বি আংলঙৰ ধনশিৰিৰ সীমান্তৱৰ্তী এলেকাত প্ৰৱেশ নগা দুৰ্বৃত্তৰ। দিখাংচি অঞ্চলত প্ৰৱেশ কৰি অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই লৈ যায় পশুধন।
নিশাটোৰ ভিতৰতে এলেকাটোত নগাই নিৰ্মাণ কৰিছে শতাধিক গৃহ। অস্ত্ৰধাৰী নগাৰ সন্ত্ৰাসত আতংকিত দিখাংচি অঞ্চলৰ ৰাইজ। ইয়াৰ পাছতে বিবদমান এলেকাটোত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী।