ডিজিটেল ডেস্ক, ANEWS24X7: আজি মুকলি হ’ল অসম বিধানসভাৰ নতুন ভৱন। আটকধুনীয়াকৈ সজাই তোলা বিধানসভাৰ নৱনিৰ্মিত ভৱনটো দেওবাৰে অৰ্থাৎ ৩০ জুলাইত আনুষ্ঠানিকভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুকলি কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালো উপস্থিত আছিল ৷
অসম মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰী-বিধায়ক। বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে বিধানসভাৰ নতুন ভৱনৰ ভিতৰচ’ৰা। বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যাও।
উল্লেখ্য যে, বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে বিধানসভাৰ নতুন ভৱনটোৰ ভিতৰচ’ৰা সজোৱা হৈছে ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত সংযোজন কৰা হ’ব। বিধানসভাৰ নতুন প্ৰকল্পত ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব ৷ এই নতুন ভৱনত মুখ্যমন্ত্ৰীৰ কক্ষত বিশেষ সভাকক্ষ থাকিব, য’ত ১২৬জন বিধায়কৰ সৈতে বৈঠকৰ সু- ব্যৱস্থা থাকিব ৷ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সদনত সদস্যৰ বাবে বৰ্তমানৰ ১২৬ৰ পৰিৱৰ্তে সদনত ১৮৬ খন আসনৰ ব্যৱস্থা কৰা হৈছে।
নতুন ভৱনত E বিধান ব্যৱস্থা থাকিব ৷ সদস্যৰ আসনৰ লগত একোটাকৈ লেপটপ সংলগ্ন থাকিব বুলি বিধানসভাৰ উপাধ্যক্ষ মমিনে জনায় ৷ নতুন বিধানসভা ভৱনটোত এখনকৈ লিফট, এখন গ্লাছ লিফট আৰু এখন এস্কেভেটৰ সংযোজন কৰা হৈছে। সম্পূর্ণ ভৱনটো শীত-তাপ নিয়ন্ত্রিতভাৱে নিৰ্মাণ কৰা হৈছে। আনহাতে বিধানসভা ভৱনটোৰ কাষতে এতিয়াও নির্মীয়মাণ অৱস্থাত আছে প্রায় ১৫ মহলীয়া বিধানসভা সচিবালয়।
বিধানসভাৰ ভৱনটোৰ নিৰ্মাণৰ দায়িত্বত ছিমপ্লেক্স ষ্ট্ৰাকচাৰ আছে। ইয়াৰ ইণ্টৰি’ৰ ডিজাইনৰ দায়িত্বত জে ডি ক্ৰিয়েচন আছে বুলি জানিব পৰা গৈছে। প্রায় ১৮,৪৫৯ বৰ্গমিটাৰত নিৰ্মাণ কৰা এই নতুন ভৱনটোৰ নিৰ্মাণত ৩৫১ কোটি টকা ব্যয় হৈছে।