Wednesday, March 11, 2026
Homeৰাজনৈতিকমুকলি কৰা হ'ল নতুন সংসদ ভৱন

মুকলি কৰা হ’ল নতুন সংসদ ভৱন

ডিজিটেল ডেস্ক, anews24x7: আজি পুৱা ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মোদীয়ে “গণপতি হোমম” পৰিবেশন কৰে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে।

পি এম মোদীয়ে তামিলনাডুৰ বিভিন্ন আধীনামৰ মহাপুৰোহিতৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু তাৰ পিছত নতুন সংসদ ভৱনত লোকসভাৰ অধ্যক্ষৰ চকীখনৰ ওচৰত ‘চেংগোল’ ভূত স্থাপন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে নতুন ভৱনটো উদ্বোধন কৰি এখন ফলক উন্মোচন কৰাৰ লগতে নিৰ্মাণত সহায় কৰা শ্ৰমিকসকলক সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, এছ জয়শংকৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে।

নতুন সংসদ ভৱনটো ২০১৯ চনৰ পৰা নিৰ্মাণ আৰম্ভ হোৱা নৱীকৃত চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অংশ।আনুমানিক ১২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই নতুন সংসদখন তিনি মহলীয়া আৰু ৬৪,৫০০ বৰ্গমিটাৰ বিল্ড আপ এলেকাৰ। আজি এই অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে নতুন সংসদ উদ্বোধন উপলক্ষে ৭৫ টকীয়া মুদ্ৰাও মুকলি কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments