Sunday, July 6, 2025
Homeৰাজনৈতিকগান্ধী‌ পৰিয়াল আঁতৰিল! নিৰ্বাচিত হʼল কংগ্ৰেছৰ নতুন সভাপতি

গান্ধী‌ পৰিয়াল আঁতৰিল! নিৰ্বাচিত হʼল কংগ্ৰেছৰ নতুন সভাপতি

ডিজিটেল ডেস্ক, ANEWS24X7: আজি কংগ্ৰেছে লাভ কৰিছে নতুন সভাপতি। ১৩৭ বছৰে গান্ধী পৰিয়াল কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈ আছিল। কংগ্ৰেছৰ নিৰ্বাচিত হৈছে নতুন সভাপতি হিচাপে জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে।‌

জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰ মাজত অনুষ্ঠিত হোৱা নিৰ্বাচনত শেষ হাঁহি মাৰিলে খাৰ্গে।

ভোট গণনাৰ সময়ত মল্লিকাৰ্জুন খাৰ্গে ৭,৮৯৭ টা‌ ভোট লাভ কৰাৰ পৰিৱৰ্তে শশী থাৰুৱে মাত্ৰ ১,০৭২টা ভোট লাভ কৰিছিল।

১৭ অক্টোবৰত সভাপতি পদৰ বাবে অনুস্থিত হোৱা নিৰ্বাচনত মুঠ ভোটাৰ আছিল ৯৯০০ গৰাকী। ইয়াৰ মাজৰে ৪০০ গৰাকী ভোটদানৰ পৰা বিৰত আছিল।

নতুন দিল্লীৰ ২৪ আকবৰ ৰোডস্থিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল সভাপতি নিৰ্বাচনৰ ভোট‌ গণনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments