ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ ৰাজধানী দিল্লীত কূটঘাটৰ পৰিকল্পনা কৰা ৩ জন ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএ । এনআইএ শুক্ৰবাৰে এক অভিযান চলাই সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা তিনিজন পলাতক অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ।ধৃত গেংষ্টাৰ তিনিজন হৈছে দিল্লীৰ বাৱানা গাঁৱৰ নীৰজ চেহৰাৱ, হাৰিয়ানাৰ গুৰুগ্ৰামৰ কৌশল ওৰফে নৰেশ চৌধাৰী আৰু পঞ্জাবৰ চাহিবজাদা অজিত সিং নগৰৰ ভূপিন্দৰ সিং ওৰফে ভূপিন্দৰ ৰাণা ।
এই তিনিওজন অপৰাধীৰ বিৰুদ্ধে হত্যা , চিণ্ডিকেট আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আদিৰ লগতে জনসাধাৰণক সন্ত্ৰাসিত কৰাৰ দৰে বিভিন্ন অপৰাধত গোচৰ ৰুজু হৈ আছে । অপৰাধী কেইজনে ড্ৰাগছ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ জৰিয়তে অপৰাধমূলক কাৰ্যকলাপ চলাবলৈ পুঁজি সংগ্ৰহ কৰি আছিল ।
এই সন্দৰ্ভত এনআইএ এক বিবৃত্তি জাৰি কৰিছে । বিবৃত্তিটোত এনআইএ উল্লেখ কৰে যে ,”দিল্লী আৰক্ষীয়ে চলিত বৰ্ষৰ ৭ আগষ্টত ২৪৭ নং গোচৰত ৯ জন ব্যক্তিৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰিছিল । গোচৰটোত এই ব্যক্তি কেইজনে দেশৰ ৰাজধানী দিল্লীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি উল্লেখ কৰিছিল ।পৰবৰ্তী সময়ত এনআইএ ২৬ আগষ্ট তাৰিখে ব্যক্তি কেইজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছিল ।’’