Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়একেটা দিনতে দেশৰ ২৪ টা স্থানত এনআইএৰ অভিযান

একেটা দিনতে দেশৰ ২৪ টা স্থানত এনআইএৰ অভিযান

ডিজিটেল ডেস্ক, ANEWS24X7: সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএৰ বৃহৎ অভিযান । এটা দিনতে দেশৰ দুখন ৰাজ্যৰ মুঠ ২৪ টা স্থানত এনআইএ অভিযান চলায়৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে দেওবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনাত এই অভিযান চলায় ৷

এনআইএৰ দলটোৱে অন্ধ্ৰ প্ৰদেশৰ ২৩ টা স্থানত আৰু তেলেংগনাৰ এটা স্থানত অভিযান চলায় ৷ এনআইএয়ে নিষিদ্ধ ঘোষিত সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ সদস্যসকলৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযান কালত পিএফআইৰ কেইবাজনো সদস্যক সন্ত্ৰাসবাদীৰ বিত্তীয় যোগান আৰু বেআইনী কাৰ্যকলাপৰ লগত জৰিত থকাৰ অভিযোগত আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ এনআইএৰ দলে কুৰ্ণুল, গুন্টুৰ , নেল্লোৰৰ লগতে নিজামাবাদত অভিযান চলাইছিল ৷

এই অভিযানকালত পিএফআইৰ জিলা আহ্বায়ক চাদুল্লা , সদস্য মহম্মদ ইমৰান আৰু মহম্মদ আব্দুল মোবিকক সোধ-পোছৰ বাবে আটক কৰিছে ৷ এই কেইজন পিএফআই সদস্যক কাৰাটে প্ৰশিক্ষণ প্ৰদানৰ নামত অস্ত্ৰ প্ৰশিক্ষণ আৰু হিংসাত্মক কাৰ্যকলাপৰ বাবে উচতনি দিয়াৰ অভিযোগত সোধ-পোছ অব্যাহত ৰাখিছে ৷

আনহাতে তেলেংগনাৰ নিজামাবাদৰ শ্বাহিদ চৌচী নামৰ এজন ব্যক্তিৰ বাসগৃহতো এনআইএ অভিযান চলাই মোবাইল ফোন , পাছপৰ্ট আৰু বেংক পাছবুক জব্দ কৰাৰ লগতে সোমবাৰে হায়দৰাবাদৰ এনআইএৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ জাননী প্ৰেৰণ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments