ৰয়েল ছুইডিছ একাডেমী অৱ ছাইঞ্চেছে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল সন্মান। বিশ্বৰ তিনিগৰাকী বিজ্ঞানী ছুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰৱছন আৰু ওমৰ এম য়াঘীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।
Metal–Organic Frameworks বিকাশৰ বাবে এই তিনিগৰাকী ৰসায়ন বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ন’বেল বঁটা।
ৰসায়ন বিজ্ঞানী ছুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰৱছন আৰু ওমৰ এম য়াঘী যথাক্ৰমে জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ বিজ্ঞানী।
