ডিজিটেল ডেস্ক, anews24x7: শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন ধন একাউণ্টৰ কৃতিত্বক এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে প্ৰশংসা কৰে। য’ত ধন একাউণ্টত গৰিষ্ঠ সংখ্যক মহিলাৰ হোৱাত আনন্দিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
শুকুৰবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সদৰী কৰে জন ধন একাউণ্টৰ সবিশেষ । ইয়াৰে ৫৬ শতাংশ একাউণ্ট মহিলাৰ ।একাউণ্ট সমূহ প্ৰায় ৬৭ শতাংশ গ্ৰাম্যাঞ্চলৰ আৰু অৰ্ধনগৰ অঞ্চলৰ বুলি মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।
ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰি, একাউণ্টৰ আধাতকৈ অধিক আমাৰ নাৰী শক্তিৰ হোৱাটো দেখি উৎসাহিত হৈছো, গ্ৰামাঞ্চল আৰু অৰ্ধনগৰী অঞ্চলত ৬৭% একাউণ্ট খোলাৰ লগে লগে আমিও নিশ্চিত কৰিছো যে ইয়াৰ লাভৰ… আৰ্থিক অন্তৰ্ভুক্তিত আমাৰ জাতিৰ প্ৰতি গৰাকী লোকে উপকৃত হব বুলি সদৰি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।”
জন ধন একাউণ্টত মুঠ জমা ধন ২.০৩ লাখ কোটি টকাৰ ওপৰত হোৱাৰ বিপৰীতে এই একাউণ্টসমূহৰ সৈতে প্ৰায় ৩৪ কোটি টকা কাৰ্ড বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে বুলি বিত্ত মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
মোডী চৰকাৰে ২০১৪ চনত জন ধন বেংক একাউণ্ট খোলাৰ বাবে এক বৃহৎ কচৰৎ আৰম্ভ কৰিছিল যাৰ লক্ষ্য আছিল প্ৰত্যক্ষ সুবিধা প্ৰদান কৰি বহুতো বিত্তীয় সেৱা দৰিদ্ৰ লোকৰ বাবে সুলভ কৰা ।