ডিজিটেল ডেস্ক, ANEWS24X7: ইউক্ৰেইন-ৰাছিয়া যুদ্ধত নিহত হোৱা সৈন্যৰ সংখ্যা প্ৰকাশ কৰিছে ইউক্ৰেইনে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ উপদেষ্টা মিখাইলো পোডোলিয়াকে প্ৰকাশ কৰিছে যুদ্ধত নিহত সৈন্যৰ তথ্য ৷ পোডোলিয়াকে প্ৰকাশকৰা তথ্য অনুসৰি যুদ্ধত ইউক্ৰেইনৰ ১০,০০০ৰ পৰা ১৩,০০০ সৈনিক নিহত হৈছে ৷
পোডোলিয়াকৰ মতে ,যুদ্ধত অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা গুৰুতৰ হ’ব পাৰে ৷ তেওঁ লগতে কয় যে ,‘‘২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ পিছত বৰ্তমান পৰ্যন্ত এক লাখ ৰাছিয়ান সৈন্য নিহত হৈছে ৷ আৰু এক লাখৰ পৰা ডেৰ লাখ সৈন্য আহত হৈছে বা সন্ধানহীন হৈ আছে ৷’’
ইয়াৰ বিপৰিতে ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনে বুধবাৰে কয় যে,‘‘ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত এক লাখ ইউক্ৰেইনৰ সৈন্য নিহত হৈছে।’’ আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনেৰেল মাৰ্ক মিলিয়ে যোৱা মাহত কৈছিল যে ,‘‘ইউক্ৰেইনত এক লাখতকৈ অধিক ৰাছিয়ান সৈন্য নিহত হৈছে ৷ ইউক্ৰেইনত হতাহতৰ সংখ্যা সম্ভৱত একে ৷’’