ডিজিটেল ডেস্ক, A NEWS 24×7 : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাঘ লোকপিয়লৰ শেহতীয়া তথ্য প্ৰকাশ কৰিছে। বিগত চাৰি বছৰত ভাৰতত বাঘৰ সংখ্যা ২০০ বৃদ্ধি পাইছে।
চৰকাৰী তথ্য অনুসৰি ২০১৬ চনত ১৪১১, ২০১০ চনত ১৭০৬, ২০১৪ চনত ২২২৬, ২০১৮ চনত ২৯৬৭, ২০২২ চনত বাঘৰ সংখ্যা আছিল ৩,২৬৭ টা।
‘প্ৰজেক্ট টাইগাৰ’ৰ ৫০ বছৰীয়া স্মৃতিত উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰি পি এম মোদীয়ে ‘আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স’ (আই বি চি এ) আৰম্ভ কৰে। ইয়াৰ উপৰিও আগন্তুক ২৫ বছৰত বাঘ সংৰক্ষণৰ দৃষ্টিভংগী উপস্থাপন কৰি ‘অমৃত কাল কা বাঘ দৃষ্টি’ এখন গ্ৰন্থ মুকলি কৰে।
প্ৰকল্পটোৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ কাৰ্যসূচীৰ অংশ হিচাপে কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছাফাৰী কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তামিলনাডুৰ নীলগিৰি জিলাৰ মুডুমালাইৰ থেপ্পাক্কাডু হাতী শিবিৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। অস্কাৰ বিজয়ী তথ্যচিত্ৰ ‘Elephant Whisperers’চ অভিনয় কৰা হাতী তত্ত্বাৱধায়ক বেলি আৰু বমমানকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।