ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ Common Entrance Examত উত্তীৰ্ণ হ’ব লাগিব । সম্প্ৰতি এই নিযুক্তি প্ৰক্ৰিয়াত অৱতীৰ্ণ হবলৈ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰা হৈছে। পঞ্জীয়নৰ বাবে ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চ ২০২৩ লৈকে www.joinindianarmy.nic.in ৱেবছাইট খোলা আছে। য’ত অনলাইন CEEসমগ্ৰ ভাৰততে ১৭৬ টা স্থানত ১৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল ২০২৩ লৈকে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে লগতে এই পৰীক্ষা কম্পিউটাৰ ভিত্তিক অনুষ্ঠিত হ’ব।
পৰিক্ষাৰ্থীসকলক কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ সৈতে পৰিচিত হোৱাত সহায় কৰিবলৈ কেনেদৰে পঞ্জীয়ন কৰিব আৰু অনলাইন পৰীক্ষাত কেনেদৰে উপস্থিত হ’ব এই সকলোবোৰ বিষয়ত শিক্ষামূলক ভিডিঅ’ প্ৰস্তুত কৰি www.joinindianarmy.nic.in ৱেবছাইটত আৰু ইউটিউবত আপলোড কৰা হৈছে। সকলো শাখাৰ বাবে নমুনা প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছে লগতে www.joinindianarmy.nic.in ৱেবছাইটত এটা লিংক দিয়া হৈছে যাৰ জৰিয়তে পৰিক্ষাৰ্থীসকলে ঘৰৰ পৰাই কম্পিউটাৰ ভিত্তিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুশীলন কৰিব পাৰিব।
আনহাতে অনলাইন CEE পৰীক্ষাৰ বাবে মাচুলৰ খৰচ প্ৰতিজন শিক্ষাৰ্থীৰ বাবে ৫০০ টকা। বাকী পঞ্চাশ শতাংশ সেনা বাহিনীয়ে ব্যয় কৰিব। অনলাইন আবেদনৰ অংশ হিচাপে প্ৰাৰ্থীয়ে ৫০ টকা আৰু ২৫০ টকা দিব লাগিব। পৰীক্ষাৰ্থীসকলৰ বাবে ৫টা Choice of Examination Venues থাকিব।
সেই পচন্দৰ ভিত্তিত তেওঁলোকক পৰীক্ষাৰ স্থান আবন্টন দিয়া হ’ব। এই ক্ষেত্ৰত এটা হেল্প ডেস্কো স্থাপন কৰা হৈছে। পঞ্জীয়নৰ বাবে প্ৰাৰ্থীসকলে www.joinindianarmy@gov.in,অনলাইন CEE প্ৰশ্নৰ বাবে jiahelpdesk2023@gmail.com আৰু মোবাইল নম্বৰ ৭৯৯৬১৫৭২২২ ত যোগাযোগ কৰিব পাৰিব।