Saturday, July 5, 2025
Homeঅসমঅসুস্থ নিৰ্জনতাৰ কবি নীলমণি ফুকন

অসুস্থ নিৰ্জনতাৰ কবি নীলমণি ফুকন

ডিজিটেল ডেস্ক, Anews24x7: সম্প্ৰতি অসুস্থ হৈ আছে নিৰ্জনতাৰ কবি নীলমণি ফুকন। বুধবাৰে বিয়লিৰে পৰা স্বাস্থ্য বেয়া হৈছিল নীলমণি ফুকনৰ। প্ৰাৰম্ভিক অৱস্থাত ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত আছিল তেওঁ।

নিশা সঞ্জীৱনী হাস্পতালৰ পৰা GMCHলৈ স্থানান্তৰ কৰা হয় প্ৰসিদ্ধ কবিগৰাকীক। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কবি গৰাকী।তেখেতক প্ৰথমে সঞ্জীৱনী চিকিৎসালৈ নিছিল যদিও চিকিৎসা বিশেষজ্ঞৰ দলে সঞ্জীৱনী হস্পিতালত তেখেতৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আগবঢ়োৱা পৰামৰ্শৰ আধাৰত সাহিত্যিক গৰাকীক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসা বিশেষজ্ঞৰ দলে তেখেতৰ শাৰীৰিক অৱস্থাৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিব।

নিশাই মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কবিগৰাকীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। জিএমচিএইচৰ চাৰি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ পিছতে তেখেতক লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅ’লজী, নিউৰ’লজী, এনাস্থেচিয়া আৰু মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক আৰু সহযোগী অধ্যাপকৰ চাৰিজনীয়া দলৰ তত্বাৱধানত চিকিৎসা চলি আছে নীলমণি ফুকনৰ।

চিকিৎসা বিশেষজ্ঞৰ দলটোত থকা কাৰ্ডিঅ’লজী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য, নিউৰ’লজী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মুনীন গোস্বামী, এনাস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ ৰাজীৱ গোস্বামী আৰু মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ অঞ্জনজ্যোতি তালুকদাৰৰ তত্বাৱধানত চলিছে চিকিৎসা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments