Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়নিৰ্মূল হোৱাৰ দিশত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ সমস্যা

নিৰ্মূল হোৱাৰ দিশত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ সমস্যা

ডিজিটেল ডেস্ক, ANEWS24X7: বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে পলিইথিলিন সামগ্ৰী সমূহে ৷ পলিইথিলিন সামগ্ৰী সমূহক পুনৰ ব্যৱহাৰ কৰিব বাবে বৈজ্ঞানীক সকলে ন ন কৌশল উদ্বাৱনৰ চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে পূৰ্ণাংগভাবে সফল হ’ব পৰা নাই ৷

বৰ্তমান ব্যৱহৃত পলিইথিলিন প্লাষ্টিকৰ মাত্ৰ ১৪ শতাংশহে পুনৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে ৷ ই বৰ্তমানৰ পলিইথিলিন উৎপাদনৰ তুলনাত অতিকৈ তাকৰ ৷ যাৰ ফলত এতিয়া এবাৰ ব্যবহৃত পলিইথিলিনে বিনস্ত কৰিছে প্ৰকৃতিৰ ভাৰাসাম্য ৷

ইয়াৰ মজতে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ বিজ্ঞানী সকলে আনিছে এক আশাৰ বতৰা ৷ বিজ্ঞানী সকলে উদ্ভাৱন কৰি উলিয়াইছে এক বিশেষ পদ্ধতি ৷কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে পলিমাৰবোৰক প্ৰপাইলিন নামৰ তিনিটা কাৰ্বন অণুত ভাঙিবলৈ উপায় উদ্ভাৱন কৰিছে ৷ ইয়াৰ ফলত এবাৰ ব্যৱহৃত প্লাষ্টিক সমূহক পুনৰ পলিপ্ৰপাইলিন , ৰছী , সুতলি , টেপ , কাৰ্পেট , গৃহসজ্জা , কাপোৰ আৰু কেম্পিং সঁজুলি নিৰ্মাণ কৰিব পৰা যাব ৷ এই নতুন আৱিষ্কাৰটোত অতি নিম্নতম জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি উৎপাদন কৰিব পৰা যাব ৷

এই সন্দৰ্ভত লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ জৈৱিক ৰসায়ন বিজ্ঞানী জন হাৰ্টৱিগে কয় যে,‘‘ প্লাষ্টিক সমূহ পুনৰ ব্যৱহাৰ কৰিব পৰা যাব ৷ ইয়াক সৰু টুকুৰাত ভাঙি পুনৰ পলিমাৰাইজ কৰিব পৰা যাব ৷ মাটিৰ পৰা অধিক কাৰ্বন টানি অনাৰ পৰিবৰ্তে এই সমূহ এবাৰ ব্যৱহৃত প্লাষ্টিকক কাৰ্বন উৎস হিচাপে ব্যৱহাৰ কৰি আন বস্তু তৈয়াৰ কৰিব পৰা যাব ৷ উদাহৰণ স্বৰূপে পলিপ্ৰপাইলিন ৷’’

উল্লেখ্য যে পলিইথিলিনক অস্বাভাৱিকভাৱে অপ্ৰতিক্ৰিয়াশীল কাৰ্বন বন্ধনৰ দ্বাৰা একেলগে ধৰি ৰখা হয় ইয়াক ভাঙিবলৈ অতি কঠিন ৷ এই কঠিন পক্ৰিয়াটো সম্ভৱ কৰি উলিয়াইছে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ বিজ্ঞানী সকলে ৷ আশা কৰা হৈছে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ বিজ্ঞানী সকলৰ এই উদ্ভাৱনে সমগ্ৰ বিশ্বলৈ এক যুগান্তকাৰী পৰিবৰ্তন আনিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments