Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়আৰম্ভ কৰা হৈছে যোগীমঠৰ অৱাসী সকলৰ স্থানান্তৰৰ প্ৰক্ৰিয়া

আৰম্ভ কৰা হৈছে যোগীমঠৰ অৱাসী সকলৰ স্থানান্তৰৰ প্ৰক্ৰিয়া

নিউজ ডেস্ক, ANEWS24X7: ভয়ংকৰ বিপদৰ দিশে দেৱভূমি উত্তৰাখণ্ড ৷ ধাৰাবাহিক ভূমিস্খলনৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছে যোগীমঠ ৷ অঞ্চলটোৰ ৫৬১ টা বাসগৃহত ফাট মেলা পৰিলক্ষিত হৈছে ৷

ফলত আঞ্চলটোৰ শ শ ঘৰ ভূগৰ্ভস্থ হোৱাৰ আশংকা আহি পৰিছে ৷ ইয়াৰ পিছতে শুক্ৰবাৰৰ পুৱাৰে পৰা উত্তৰাখণ্ড চৰকাৰে যোগীমঠৰ পৰিয়ালবোৰক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

উদ্ধাৰ আৰু সাহায্যকাৰী দলে পৰিয়ালবোৰক পূৰ্ণ গতিত স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰিছে ৷ বৰ্তমানলৈকে ৮৭ টা পৰিয়ালক নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ৷গড়ৱাল হিমালয়ৰ গুৰুত্বপূৰ্ণ জনপদটো কয় লাহে লাহে মাটিৰ তলত ডুব গৈছে তাক জানিবলৈ ৰাজ্য চৰকাৰে বিশেষজ্ঞৰ এটা দল গঠন কৰিছে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যোগীমঠৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷ পৰিস্থিতি বুজ ল’বলৈ নিজে যোগীমঠ পৰিদৰ্শন কৰিছে ৷ এতিয়ালৈকে উত্তৰাখণ্ডৰ চামোলি জিলাৰ যোগীমঠৰ ৫৫০ৰো অদিক লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments