ডিজিটেল ডেস্ক, ANEWS24x7:সম্প্ৰতি প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই মন্তব্য ‘‘ৰক্ষকেই ভক্ষক হৈ পৰিছে। যিসকল শিক্ষকৰ ওপৰত আস্থা–বিশ্বাস ৰাখি আগবঢ়া হয়, সেইসকল শিক্ষকে এনে কাম কৰিলে উপায় নাইকিয়া হয়।’’
ইপিনে ৰণোজ পেগুৱে কয় যে আৰক্ষী থানা আৰু পৰীক্ষা কেন্দ্ৰৰ মাজভাগত পেপাৰ লীক হৈছে। থানাৰ পৰিৱৰ্তে পেপাৰ ৰখাৰ বাবে আন বিকল্প ব্যৱস্থা লোৱা হৈছে। আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে আৰু ইয়াৰ লগত জড়িত থকা লোকক শাস্তি আদালতে দিব।
ছেবাৰ বিষয়া নয়নজ্যোতি শৰ্মা, ৰমেশ চান্দ জৈনৰ ওপৰত আস্থা প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, কি ভুল কৰি আছে সেয়া তথ্যসহ দেখুৱাই দিবলৈ ।