ডিজিটেল ডেস্ক, ANEWS24X7:গৃহৰক্ষী জোৱানে নিশা কাঢ়িলে পথচাৰীৰ ধন ৷ দেওমৰনৈৰ সৌৰভ নাথ নামৰ বেটমিণ্টন খেলুৱৈ গৰাকীয়ে কৰিছিল DGPলৈ ইমেইল ৷ তৎকালে ADGP জৰিয়তে তদন্ত কৰিলে অসম আৰক্ষীয়ে ৷
২৪ডিচেম্বৰত মঙলদৈ ব্লক চকত আৰক্ষীৰ লোকে কাঢ়ি নিলে খেলুৱৈৰ হাতৰ পৰা বিশ হাজাৰধিক টকা । ADGP প্ৰশান্ত চাংমাই মঙলদৈলৈ আহি কৰিলে তদন্ত ৷
অভিযুক্ত গৃহৰক্ষী জোৱান দুজন হ’ল মঙলদৈ আৰক্ষীচকীৰ কৰ্মৰত গৃহৰক্ষী জোৱান কৰুনা কান্ত শৰ্মা আৰু ছহিদুল ইছলাম ৷
দেওমৰনৈৰ সৌৰভ নাথ নামৰ বেটমিণ্টন খেলুৱৈ গৰাকীয়ে আউলাচৌকাত অনুষ্ঠিত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ৰাতি বাৰ মান বজাত মঙলদৈ ব্লক চকেৰে দৈওমৰনৈ নিজ ঘৰলৈ গৈ থকা অৱস্থাত ব্লক চকত দায়িত্ব পালন কৰি থকা মঙলদৈ আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানে সৌৰভ নাথক আগচি ধৰি ৰাখি অশালীন ব্যৱহাৰ কৰি পকেটৰ পৰা ২০ হাজাৰ টকা কাঢ়ি ৰাখে।
অৱশ্যে বহু অনুনয় বিনয় কৰাৰ অন্তত পাঁচ হাজাৰ ৰাখি আনখিনি ওভোটাই দিয়ে বুলি কয় সৌৰভ নাথে। গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয় ছাত্ৰ তথা দৰঙৰ বেডমিন্টন খেলুৱৈ নাথে পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ DGP ক ইমেলৰ জৰিয়তে অভিযোগ দাখিল কৰে।
আজি অভিযুক্ত গৃহৰক্ষী জোৱান দুজনক ADGP প্ৰশান্ত চাংমাই মঙলদৈলৈ আহি সোধ পোচ কৰে।অভিযুক্ত গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে দৰং আৰক্ষী অধিক্ষক প্ৰশান্ত কুমাৰ শইকীয়াই তৎকালীন ভাবে দায়িত্বৰ পৰা অব্যাহতি দিয়ে ।