Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়প্ৰতিবাদৰ অগ্নিত জ্বলিছে সমগ্ৰ পাকিস্তান

প্ৰতিবাদৰ অগ্নিত জ্বলিছে সমগ্ৰ পাকিস্তান

 

ডিজিটেল ডেস্ক, ANEWS24X7: আস্থা ভোটত পৰাজিত হৈ ক্ষমতা হেৰুৱাব লগিয়া হোৱা ইমৰাণ খানে আগতীয়া নিৰ্বাচনৰ দাবী জনাই দীঘলীয়া পদযাত্ৰা কৰিছিল ৷

  • দীঘলীয়া পদযাত্ৰাৰ সময়ত বৃহস্পতিবাৰে পঞ্জাৱত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খনক একে-৪৭ ৰে আক্ৰমণ কৰাৰ হৈছিল ৷
  • পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ নেতাসকলে দাবী কৰিছে যে ইমৰান খানক হত্যা কৰাৰ উদ্দেশ্যৰে এই আক্ৰমণ সংঘটিত কৰা হৈছিল।
  • ইয়াৰ পিছতে এতিয়া বিক্ষোভৰ অগ্নিত জ্বলিছে পাকিস্তান ৷

পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ সমৰ্থক সকলে এই ঘটনাৰ দোষীৰ শাস্তি দাবী কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ পাকিস্তানৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী জনতাই সমদল উলিয়াই প্ৰতিবাদ সাৱস্ত কৰে ৷

 বালুচিস্তানৰ কোৱেটা চহৰটো ইৰমাণ খানৰ সমৰ্থক সকলে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷ প্ৰতিবাদী জনতাই বিমানবন্দৰ পথ অৱৰোধ কৰে ৷ আনহাতে একাংশ প্ৰতিবাদকাৰীয়ে পাকিস্তানৰ গৃহমন্ত্ৰী ৰাণা ছানাউল্লাহৰ ৰাৱালপিণ্ডিস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাৱস্ত কৰে ৷

তীব্ৰ গতিত এই প্ৰতিবাদ সমগ্ৰ পাকিস্তানতে গ্ৰাহ কৰিছে ৷

কৰাচী, শৰ-ই-ফৈজল , উত্তৰ নাজিমাবাদ , লোন্ধি , কায়দাবাদ , উত্তৰ কৰাচী , হাব ৰিভাৰ ৰোড , মৌৰীপুৰ , খাইবাৰ পাখতুনখোৱা প্ৰদেশতো এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদৰ সাব্যস্ত কৰিছে ৷আনহাতে পেছোৱাৰত সেনা কামাণ্ডাৰৰ ঘৰৰ সন্মুখতো প্ৰতিবাদ সাৱস্ত কৰিছে প্ৰতিবাদী জনতাই ৷ প্ৰতিবাদী জনতাই প্ৰধানমন্ত্ৰী চাহৱাজ চৰিফৰ পদত্যাগৰ দাবী জনাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments