বিনীত ঝা, বিশ্বনাথ:বিশ্বনাথ জিলা ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ সংবাদমেলত অসম চৰকাৰে সাংবাদিক সকলক ক্ষমা খোজাৰ দাবী
বিশ্বনাথ জিলা কংগ্ৰেছ কাৰ্যলয়ত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক পুনৰ দলীয় গামোচা পিন্ধাই জিলা কংগ্ৰেছত আদৰণী জনাই জিলা সভাপতি দিলীপ বৰুৱাই।
এই সভাৰ মাজতে সাংসদ গৌৰৱ গগৈয়ে সংবাদমেলৰ জৰিয়তে কয় যে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু প্ৰশাসনক প্ৰশ্ন গৌৰৱ গগৈৰ-কংগ্ৰেছে সমদলৰ বাবে পূৰ্বে জিলা আৰক্ষী প্ৰশাসনৰ অনুমতি লোৱাৰ পিছত পুনৰ সেই একে দিনে একে পথৰে দুটাকৈ ৰাজনৈতিক দলক সমদল উলিয়াবলৈ কিয় অনুমতি প্ৰদান কৰিলে।
চামগুৰীৰ দৰে বিহালীতো বিজেপিৰ গুণ্ডাবাহিনীৰ এইবাৰ অবসান ঘটিব বুলি এনে বিভিন্ন বিস্ফোৰক মন্তব্য প্ৰদান কৰে।
