হোজাই, ২৪আগষ্ট: হোজাইত নিউডন স্কুলৰ শিক্ষক বিশ্বজিৎ দাসে বিদ্যালয়খনৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক কৰা ধৰ্ষনৰ ঘটনাক লৈ উতপ্ত হৈ পৰে হোজাই। লম্পট শিক্ষক বিশ্বজিৎ দাসে কিশোৰী ছাত্ৰী গৰাকীক কৰাইছিল টিউচনো। সেইমতে টিউচন কৰাৰ সুযোগতে কিশোৰী গৰাকীক কৰিছিল ধৰ্ষন । লগতে ধৰ্ষন কৰাৰ সেই ভিডিঅ প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ঘটনাটো হৈছিল ফাদিল।
ইয়াৰ পিছত অভিভাৱক সহ স্থানীয় ৰাইজে লম্পট শিক্ষকটোক উলংগ কৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ পাছত গতাই দিয়ে আৰক্ষীক। ইফালে এই ঘটনাৰ খবৰ বিয়লি পৰাত বহু লোক থানাত উপস্থিত ধৰ্ষনকাৰীক কঠোৰ শাস্তি দিয়াৰ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে যদিও আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু এনে ধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাইজৰ বাবে এখন মোবাইল নম্বৰ ৰাজহুৱা কৰে। ইফালে ধৰ্ষনকাৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত ধৰ্ষনকাৰীৰ ভাতৃ পংকজ দাস সহ কেইজনমান উদণ্ড যুৱক এখন বাহনত আহি চিকিৎসালয় প্ৰাংগনত সাংবাদিকক উদেশ্যি দুৰ্ব্যৱহাৰ কৰে। অন্যহাতে এই সমগ্ৰ ঘটনা সংক্ৰান্তত নিশা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই সংবাদ মাধ্যমত মন্তব্য কৰি ঘটনাটো ধৰ্ষন আৰু পক্স গোচৰৰ ধাৰাত ৰুজু হব বুলি কৰে মন্তব্য। ইপিনে ভুক্তভোগী কিশোৰী গৰাকীৰ এগৰাকী বান্ধৱীকো আৰক্ষী আটক কৰি জেৰা চলাই।
