ডিজিটেল ডেস্ক, ANEWS24X7: ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ মূল পৰীক্ষা ফলাফল ।
অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ মূল পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিছে বিজিত পাঠকে । শুক্ৰবাৰে ঘোষণা কৰা এপিএছচিৰ এই পৰীক্ষাত এচিএছ পদৰ বাবে মুঠ ১২১ গৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে । এপিএছ পদৰ বাবে বাছনি কৰা হৈছে ৬৯ গৰাকী প্ৰাৰ্থী আৰু কৰ অধীক্ষক পদৰ বাবে বাছনি কৰা হৈছে ৬ গৰাকী প্ৰাৰ্থী ।
শ্ৰম পৰিদৰ্শক পদৰ বাবে ১৮ গৰাকী ,ডি.টি.অ’ পদৰ বাবে ৫ গৰাকী, শ্রম পৰিদৰ্শকৰ পদৰ বাবে ১৮ গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছে । ইয়াৰ ওপৰিও আবকাৰী পৰিদৰ্শকৰ পদত ৭ জন প্ৰাৰ্থী , উপ-পঞ্জীয়ক পদত ৩১ গৰাকী প্ৰাৰ্থী ,উদ্যোগ বিভাগৰ সহ প্রৱন্ধক পদত ১০ গৰাকী প্ৰাৰ্থী, সহকাৰী নিয়োগ বিষয়া পদত ৪ গৰাকী প্রাৰ্থী, বি.ডি.অ’ পদৰ বাবে ৩৩ গৰাকী প্রাৰ্থী নিৰ্বাচন কৰা হৈছে ।
উল্লেখ্য যে , ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে বৈধতা প্ৰদান কৰি লোকসেৱা আয়োগ কৰ্তৃপক্ষক ২০২০ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি প্ৰদান কৰিছিল । ন্যায়ালয়ৰ অনুমতি লাভ কৰাৰ পিছতে অসম লোকসেৱা আয়োগে শুক্ৰবাৰে ঘোষণা কৰে ২০২০ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।