ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল ঘোষণা কৰিলে। ১৪,২৮১ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে চৰকাৰি চাকৰি ।
ইপিনে ৩ মে’ত তৃতীয়বৰ্গৰ ফলাফল ঘোষণাৰ পিছতে আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে । দুটা পৰ্যায়ত যোৱা বৰ্ষত পৰীক্ষা অনুষ্ঠিত হৈছিল।আনহাতে লিখিত পৰীক্ষাত ৪,৪২,৭৮৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে, ২৭,৪৭৫ গৰাকী প্ৰাৰ্থীক মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচন কৰা হৈছিল আৰু তাৰ ভিতৰত মুঠ ১৪,২৮১ গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছে।
আনহাতে এক কথা যে তৃতীয় বৰ্গৰ নিচিনাকৈ চতুৰ্থবৰ্গত নিযুক্তি লাভ কৰা প্ৰাৰ্থীয়ে নম্বৰৰ ভিত্তিত দৰমহা লাভ কৰিব । ১১ মে’ত চৰকাৰৰ বৰ্ষপূৰ্তি দিনা নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।