ডিজিটেল ডেস্ক,ANEWS24X7: অপেক্ষাৰ অন্ত পৰিল । অৱশেষত ঘোষণা কৰা হ’ল তৃতীয় বৰ্ষৰ নিযুক্তি পৰীক্ষাৰ ফলাফলৰ দিন । শুক্ৰবাৰে আনুষ্ঠানিকভাৱে আহিল ভালখবৰটো । অহা ৬ নৱেম্বৰত ঘোষণা কৰা হ’ব অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তিৰ অধীনৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল । সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাজিক মাধ্যম যোগেদি কয় যে ,‘‘মই জনাবলৈ পাই সুখী যে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল অহা ৬ নৱেম্বৰ, ২০২২ তাৰিখে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰিব।’’
উল্লেখ্য যে, ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে মুঠ ১৩,১৪১ টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰাজ্যৰ লাখ লাখ প্ৰাৰ্থীয়ে অধিৰ আগ্ৰহে বাট চাই আছিল ৷ শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত তেওঁৰ অ’ফিচিয়েল টুইটাৰ আৰু ফেচবুক একাউন্টযোগে সদৰী কৰে এই ভাল খবৰটো।