Wednesday, March 11, 2026
Homeঅসমমাৰণাস্ত্ৰসহ ৫জনীয়া ডকাইতৰ দলক আটক

মাৰণাস্ত্ৰসহ ৫জনীয়া ডকাইতৰ দলক আটক

ডিজিটেল ডেস্ক, anews24x7: কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা । দুটা স্থানৰ পৰা অভিযান চলাই আৰক্ষীয়ে অস্ত্ৰ সহ আটক কৰে ৮টা ডকাইত । প্ৰথম খন অভিযানত দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কায়স্থগ্ৰাম এলেকাত ডকাইতৰ দলৰ পৰা জব্দ হৈছে পাঁচটা আগ্নেয়াস্ত্ৰ সহ কেবা জাই গুলি । ডকাইতৰ দলটোৰ পৰা তিনটা হাতে সজা বন্দুক আৰু দুটা পিস্তল জব্দ কৰে আৰক্ষীয়ে ।

আটক হৈছে আব্দুল লতিফ, ময়নুল হক, মনিৰ উদ্দিন, জমিৰ উদ্দিন আৰু হালিম উদ্দিন নামৰ পাঁচ দুধৰ্ষ ডকাইত।কৰিমগঞ্জৰ কায়স্থগ্ৰাম ৰেল গেইট বন্ধ কৰি আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস’ৰ নেতৃত্বত চলিছিল এই অভিযান । আনহাতে, একেই নিশা বদৰপুৰত আৰক্ষীয়ে দুখনকৈ বিদেশী পিষ্টল সহ আটক কৰিলে তিনি যুবকক |বদৰপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি দত্তপুৰ এলাকাত অভিযানত চলাই সফলতা লাভ কৰে।

ধৃত যুৱক তিনিজন হৈছে দত্তপুৰ অঞ্চলৰ ছাব্বিৰ হোছেইন, কবীৰ আহমেদ, ধনলাল ৰবিদাস। বদৰপুৰ আৰক্ষীয়ে দত্তপুৰৰ পৰা তিনিজন যুৱক পিষ্টল লৈ বাইকেৰে আহি থকাৰ তথ্য লাভ কৰে। লগে লগে সাধাৰণ কাপোৰ পিন্ধি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। পিছে তিনিজন যুৱক এখন বাইক আৰু এখন ৱেগনাৰ গাড়ী লৈ আগবাঢ়ি অহা দেখি তালাচী চলোৱাৰ অন্তত দুটা পিষ্টলসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লগতে জব্দ কৰা হয় AS02Z- 8117 নম্বৰৰ ৱাগেনাৰ গাড়ি আৰু BR01BQ-3679 নম্বৰৰ বাইক। জানিব পৰা মতে, ধৃত তিনি যুৱকে ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰি ইয়ালৈ লৈ আহিছিল ডকাইতিৰ পৰিকল্পনা কৰিবলৈ। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও পিষ্টল উদ্ধাৰৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে কৰিমগঞ্জ জিলাত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments