হেমন্ত শৰ্মা, ১৭ ফেব্ৰুৱাৰীঃ অস্ত্ৰোপচাৰৰ ৰবট নিৰ্মাতা কোম্পানীৰ বিৰুদ্ধে নৃশংস হত্যাৰ গোচৰ ৰুজু কৰিছে আমেৰিকাৰ এগৰাকী বাসিন্দাই। হাৰ্ভি ছল্টজাৰে দাবী কৰিছে যে তেওঁৰ কৰ্কট ৰোগত আক্ৰান্ত পত্নীৰ মৃত্যু হৈছিল অস্ত্ৰোপচাৰ কৰা ৰবটৰ হাতত।
হাৰ্ভিৰ সংগী ছেণ্ড্ৰা ছল্টজাৰ কলনৰ কেন্সাৰৰ চিকিৎসা চলি আছিল। ৬ ফেব্ৰুৱাৰীত তেওঁৰ স্বজ্ঞাতে অস্ত্ৰোপচাৰ কৰা হৈছিল। ৰবটোৱে কৰা অস্ত্ৰোপচাৰৰ পাছত ছেণ্ড্ৰাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে। আৰু তাৰ পিছত ছেণ্ড্ৰাৰ মৃত্যু হ’ল। হাৰ্ভিয়ে ৰবট নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে গাফিলতি, প্ৰডাক্টৰ দায়বদ্ধতা, ডিজাইনৰ দোষ আৰু ব্যক্তিগত ক্ষতিপূৰণৰ বাবে ৭৫ হাজাৰ ডলাৰৰ ক্ষতিপূৰণ বিচাৰিছে।
ৰবটটোৰ বিজ্ঞাপনত কোম্পানীটোৱে কয় যে এই ৰবটে মানুহে কৰিব নোৱাৰা সুক্ষ্ম অস্ত্ৰোপচাৰ নিখুঁতভাৱে কৰিব পাৰে। কিন্তু ছেণ্ড্ৰাৰৰ অস্ত্ৰোপচাৰৰ সময়ত ৰবটটোৱে ৰোগীৰ ক্ষুদ্ৰান্ত্ৰ লিক কৰিছিল। হাৰ্ভিয়ে কয় যে কোম্পানীটোৱে ইতিমধ্যে জানিছিল যে ৰবটটোৰ যান্ত্ৰিক বিজুতি আছে, যাৰ ফলত অস্ত্ৰোপচাৰৰ সময়ত অভ্যন্তৰীণ অংগসমূহৰ ক্ষতি হ’ব পাৰে। তথাপি পৰিয়ালটোক এই বিষয়ে সকীয়াই দিয়া হোৱা নাছিল।