Monday, July 7, 2025
Homeঅসমদ্বিতীয় বৈকুণ্ঠত পৰিণত সত্ৰশাল ৰামৰাইকুটি সত্ৰ

দ্বিতীয় বৈকুণ্ঠত পৰিণত সত্ৰশাল ৰামৰাইকুটি সত্ৰ

ডিজিটেল ডেস্ক, ১৪অক্টোবৰ: ধুবুৰী জিলাৰ আগমনিৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশাল ৰামৰাইকুটি সত্ৰত গুৰুজনাৰ ৫৭৬ তম জন্ম জয়ন্তীৰ আজি অন্তিম দিনা ভাগৱত লৈ শোভাযাত্ৰা উলিয়াই হাজাৰ হাজাৰ ভকত সকলে । বিভিন্ন কাৰ্য্যসূচীৰে চাৰি দিনীয়া কাৰ্য্য সূচীৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা সত্ৰশাল ৰামৰাইকুটি সত্ৰৰ ভকত সকলে সত্ৰ খনৰ চাৰিওফালে থকা চাৰিহাটীৰ প্ৰতিগৰাকী ভকতৰ চোতালে চোতালে ঘূৰি ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ সিপাৰে থকা ঔটেঙা গছৰ তলত ভাগৱত লৈ সেৱা জনায় ।

উক্ত ঔটেঙা গছৰ গুৰিত উজনিৰ পৰা শ্ৰী মন্ত শংকৰদেবে ভতিজীজীয়ৰী আই ভুবেনেশ্বৰীৰ লগত নামনিৰ কোঁচবিহাৰৰ কোচ ৰজা নৰনাৰায়নে ভাতৃ চিলাৰায়ক বিয়া দিয়াৰ উদেশ্যত নাৱেৰে আহি নাও বান্ধে । পিছত আজিৰ সত্ৰ অথবা তেতিয়াৰ ৰাম ৰাই কুটিত আই ভুবেনেশ্বৰী আৰু চিলাৰায়ৰ বিয়া অনুষ্ঠিত হয় ।তেতিয়াৰ পৰা কুটিটো গুৰুজনাই নিজ হাতে সত্ৰ স্থাপন কৰাৰ লগতে ঔটেঙা গছ জোপা ৰক্ষণাবেক্ষণ কৰে ।

আৰু ভকত নোহোৱাৰ বাবে সত্ৰটোৰ চাৰিওফালে ছয় কুৰি ভকতোক বহুৱায় । কিন্তু ভাৰত আৰু বাংলাদেশ স্বাধীন হোৱাৰ পিছত উক্ত ঔটেঙা গছ জোপা ন মেনছ লেণ্ডত পৰে । সেহে প্ৰতি বছৰে গুৰুজনাৰ জন্ম জয়ন্তীৰ অন্তিমদিনা হাজাৰ হাজাৰ ভকতে সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ভাগবত শোভাযাত্ৰাৰে তাত গৈ সেবা জনায় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments