ডিজিটেল ডেস্ক, ANEWS24X7 : সলনি কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ বিভিন্ন ষান্মাসিকৰ পৰীক্ষাৰ সময় সূচী ৷
অহা ১৫ ছেপ্টেম্বৰত শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে ৰাজ্য চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷
পৰৱৰ্তী সময়ত পুনৰ নতুন পৰীক্ষা সূচী প্ৰকাশ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে ৷