বোকাখাত,১৮ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে আজি জলজীৱন মিছনৰ অধীনত বোকাখাতৰ বিহৰা গাঁও পঞ্চায়তৰ অধীনস্থ নতুন লাইন পানী যোগান প্ৰকল্প আৰু ১.৫৬ কোটি মূল্যৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বোকাখাতৰ মেথনি চাহ বাগিচা পানী যোগান আঁচনি উদ্ধোধন কৰে।
বিহৰা গাঁও পঞ্চায়তৰ অধীনস্থ নতুন লাইন পানী যোগান প্ৰকল্পটোৱে অঞ্চলটোৰ ৭০খন ঘৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিব। সমান্তৰালকৈ বোকাখাতৰ মেথনি চাহ বাগিচা পানী যোগান আঁচনিখনে ৩৫০টাতকৈও অধিক চাহ জনগোষ্ঠীয় পৰিয়ালক টেপ সংযোগৰ জৰিয়তে খোৱা পানী যোগান ধৰিব।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক নিৰৱচ্ছিন্ন ভাৱে পানী যোগান ধৰাৰ বাবে প্ৰকল্পকেইটাৰ সঠিক ৰক্ষণাবেক্ষণ নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাই।
উদ্বোধনী অনুষ্ঠানটিত বোকাখাত উপ-জিলা প্ৰশাসনৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
আনহাতে মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰদ্বাৰা নিৰ্মিত বোকাখাত সমষ্টিৰ অন্তৰ্গত ৬৭ নং ছগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰাৰ লগতে লটাবাৰী বাগান নং ১ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ,দিৰিং এল পি স্কুল আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু হাতীখুলি চাহ বাগিচা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।